গৌৰীপুৰত আৰক্ষীৰ অভিযানঃ চাৰিটা চোৰাং গৰু জব্দ, দুজনক আটক

 ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে ঘ্যাগেৰ আলগা প্ৰথম খণ্ড এলেকাত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে দুজন গো-সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
গৌৰীপুৰত আৰক্ষীৰ অভিযানঃ চাৰিটা চোৰাং গৰু জব্দ, দুজনক আটক

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গৌৰীপুৰৰ ঘ্যাগেৰ আলগা প্ৰথম খণ্ড এলেকাত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে দুজন গো-সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

ধৃত গো-সৰবৰাহকাৰী দুজনক গোলকগঞ্জ আৰক্ষী থানাৰ ছোটোগুমা গাঁৱৰ আশ্ৰাফুল হক(৩১) আৰু ছিৰাজুল সেখ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা গৰু চাৰিটাৰ সৈতে গো-সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি গৌৰীপুৰ থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰ এটিয়ে আজি জনাইছে।

গৌৰীপুৰ চোৰাং গৰু সৰবৰাহ