/asomiyapratidin/media/media_files/2025/03/04/7qDzNnPcK6d91hdB7Dxq.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ গৌৰীপুৰ চহৰৰ বিভিন্ন প্ৰান্তত প্ৰায়ে অনাই বনাই ঘূৰি থকা ছোটা শ্বেৰ পথৰ কাষত পৰি থকা দৃশ্যই ব্যথিত কৰি তুলিছিল ভিন্নজনক। তাৰ মাজতে আজি কেইজনমান যুৱকে ছোটা শ্বেৰক সুস্থ কৰি তুলিবলৈ চলোৱা প্ৰচেষ্টাই সকলোৰে হৃদয় জিনিছে।
উল্লেখ্ যে, গৌৰুপুৰৰ পথত সাধাৰণতে অনাই ঘূৰি ফুৰে ছোটা শ্বেৰ নামৰ এটা ক’লা বৰণৰ ষাঁড় গৰু। কাৰো একো ক্ষতি নকৰাকৈ ঘূৰি ফুৰা ছোটা শ্বেৰক ভিন্নজনে মৰমতে বিভিন্ন খোৱা বস্তও সময়ে সময়ে আগবঢ়াই তালৈ থকা মৰমৰ বৰ্হি প্ৰকাশ কৰি আহিছিল।
তাৰ মাজতেই সোমবাৰে গৌৰুপুৰৰ কালীবাড়ী অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী ডাম্পাৰ এখনে 'ছোটা শ্বেৰ'ক জোৰেৰে খুন্দা মৰাত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইপিনে ছোটা শ্বেৰ আঘাতপ্ৰাপ্ত হৈ পথৰ কাষত পৰি থকাৰ সেই কৰুণ দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছিল।
ইফালে ঘটনা সন্দৰ্ভত একাংশ যুৱকে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো অৱগত কৰে। এই কথা জানিব পাৰি গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি বৈশ্যই তৎক্ষণাত ঘটনাস্থলী লৈ আহি ছোটা শ্বেৰক প্ৰাথমিক চিকিৎসা প্ৰদানৰ চেষ্টা চলায়।
আনহাতে গৌৰীপুৰ চহৰৰ ৫ নং ৱাৰ্ডৰ হৰি সৰকাৰৰ নেতৃতত পাঁচ জনীয়া যুৱকৰ এটি দলে যোৱা নিশাৰ পৰা ছোটা শ্বেৰৰ লগত থাকি সুস্থ কৰি তোলাৰো চেষ্টা কৰে। আজি ৰাতিপুৱাও উক্ত যুৱকৰ দলটোৱে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰ সহযোগত গৌৰীপুৰ পশু চিকিৎসালয়ৰ পৰা পশু চিকিৎসকক মাতি আনি ছোটা শ্বেৰক চিকিৎসা সেৱা প্ৰদান কৰাত সামান্য সুস্থ হৈ উঠে ছোটা শ্বেৰ।
পাছত আবেলি স্থানীয় যুৱকৰ দলটোৱে ৰাইজৰ সহযোগত ছোটা শ্বেৰক ৰাস্তাৰ পৰা বাহন এখনত উঠাই লৈ গৌৰীপুৰৰ গোশালাত ৰখাৰ ব্যৱস্থা কৰে। ইয়াতেই ৰাখি ছোটা শ্বেৰক সুস্থ কৰি তোলা হ'ব বুলি হৰি সৰকাৰে জানিবলৈ দিয়ে।
গৌৰীপুৰৰ সকলোৰে মৰমৰ ছোটা শ্বেখৰ প্ৰতি গৌৰীপুৰীয়া যুৱকৰ দলটোৱে দেখুওৱা এই মৰমে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।