গোলকগঞ্জ আৰক্ষীৰ জালত অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক...

অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে তৎপৰ গোলকগঞ্জ আৰক্ষী

author-image
Asomiya Pratidin
New Update
গোলকগঞ্জ আৰক্ষীৰ জালত অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক...

গোলকগঞ্জ আৰক্ষীৰ জালত অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক...

ডিজিটেল সংবাদ ধুবুৰীঃ ছেবিৰ কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ ষ্ট'ক ট্ৰেডিঙৰ ব্যৱসায় চলোৱা আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিক ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে আটক কৰাৰ বাতৰি পোৱা গৈছে। ধৃত আনোৱাৰ হুছেইনে সহস্ৰাধিক লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Advertisment

UBIT COIN ৰ নামৰ এটা বিদেশী কোম্পানীৰ লগত জড়িত হৈ আনোৱাৰে চলাইছিল ট্ৰেডিঙৰ নামত অবৈধ ব্যৱসায়। ধৃত আনোৱাৰ হুছেইনে UBIT COIN ত ১০ টাকৈ আইডি খুলাৰ তথ্য পোৱা গৈছে।

জানিব পৰা মতে নিজৰ পত্নী, কন্যা আৰু পুত্ৰৰ নামতো আইডি খুলি চলাইছিল ব্যৱসায়। গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বতুৱাতুলিৰ পৰা আটক কৰে প্ৰৱঞ্চক আনোৱাৰক।

Also Read: জ্যেষ্ঠ সংবাদিক তথা সাংস্কৃতিক কৰ্মী সুৰজিত ভূঞা আৰু নাই...

অনলাইন ট্ৰেডিং গোলকগঞ্জ