বিশিষ্ট কবি, সাহিত্যিক গীতালী বৰুৱা আৰু নাই...

বিলাসীপাৰাৰ নিৱাসী তথা বিশিষ্ট কবি,সাহিত্যিক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গীতালি বৰুৱা আৰু নাই। আজি তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Tushar Pratim
New Update
বিশিষ্ট কবি, সাহিত্যিক গীতালী বৰুৱা আৰু নাই...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নিৱাসী তথা বিশিষ্ট কবি,সাহিত্যিক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গীতালি বৰুৱা আৰু নাই। আজি তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

গীতালি বৰুৱাই অসম সাহিত্য সভাৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হৃদৰোগত আক্ৰান্ত হৈ ৬৪ বৰ্ষীয়া কবি, সাহিত্যিকগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। তাতেই আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

বিলাসীপাৰাৰ জীয়ৰী-বোৱাৰী তথা বিশিষ্ট কবিগৰাকীৰ মৃত্যুৰ বাতৰিয়ে বিলাসীপাৰাৰ লগতে ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখনক শোকাকুল কৰি তুলিছে। বিলাসীপাৰাৰ একাধিক দল সংগঠনে বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, মাইকেল মধুসুদন বঁটা, অসম সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটাৰে বিভূষিত বৰুৱা ডাঃ এ কে বৰুৱা ক্লিনিক আৰু থাপনা মেডিকেলৰ চি ই অ' আছিল৷ অমায়িক,নম্ৰ আৰু অতিথিপৰায়ন লেখিকাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

সকলো কামতে আগভাগ লোৱা, উদাৰ মনৰ মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান,ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যৰ সময়ত তেঁও স্বামী  ডাঃ অখিল কুমাৰ বৰুৱা, একমাত্ৰ পুত্ৰ আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

বিলাসীপাৰা