ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক সেখৰ ব্যতিক্ৰমী প্ৰচাৰ

AIUDF দল বিজেপিৰ B টিম, কংগ্ৰেছ আৰু বিজেপিক ৰাইজে মানি নলয়। গতিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এজন সংগ্ৰামী আপোচ বিহীন নেতা...

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল সংবাদ,ধুবুৰীঃ  ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ কৰি থকা সময়তে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ পানবাৰী-ৰঙামাটি জিলা পৰিষদ সমষ্টিৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক সেখৰ ব্যতিক্ৰমী প্ৰচাৰ কৰা পৰিলক্ষিত হয়।

Advertisment

উচ্চ শিক্ষিত প্ৰাৰ্থী গৰাকীয়ে খোজ কাঢ়ি প্ৰতিজন ভোটাৰৰ কাষ চাপি ভোট ভিক্ষা খুজি নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাৰ্থী গৰাকীয়ে সাক্ষাৎকাৰত বিজেপি, কংগ্ৰেছ আৰু AIUDF দলক তীব্র সমালোচনা কৰে।

লগতে কয় যে, AIUDF দল বিজেপিৰ B টিম, কংগ্ৰেছ আৰু বিজেপিক ৰাইজে মানি নলয়। গতিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এজন সংগ্ৰামী আপোচ বিহীন নেতা সেয়ে ৰাইজে ৰাইজক দলক জয়ী কৰিব বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে।

গৌৰীপুৰ