/asomiyapratidin/media/media_files/2025/02/18/VBmq9hbw5sK0LeWY4jMh.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ আজি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে গৌৰীপুৰত অনুষ্ঠিত এক সংবাদমেলত সাংসদ ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে। ধুবুৰী আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে।
সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰে হেলমেট বিহীনভাৱে বাইক ৰেলী কৰাক লৈ সৰৱ হৈছিল সংগঠনটোৱে। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতো আৰক্ষীয়ে চালান কাটিছে নে নাই সেই কথা স্পষ্ট কৰক ধুবুৰীৰ আৰক্ষী অধীক্ষকে।
সংবাদ মেলেত সংগঠনটোৰ জিলা সভাপতি আফজা লুৰ ৰহমানে সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰে বিনা হেলমেটত বাইক চলোৱাৰ পিছতো ধুবুৰী আৰক্ষীয়ে কিয় চালান কটা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। ধুবুৰী আৰক্ষীয়ে অকল সাধাৰণ মানুহৰ ওপৰত চালান কাটি হাৰাশাস্তি কৰিছে নেকি বুলিও প্ৰশ্ন কৰে।
ধুবুৰীৰ সাংসদগৰাকীয়ে ধুবুৰীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰি কয় যে, ধুবুৰী সাংসদ পুঁজিৰ ধন অকল ভূপেন বৰাক তৈলমৰ্দন কৰাৰ বাবে লখিমপুৰত খৰছ কৰিছে। যদি ধুবুৰীৰ সমস্যা সমাধান আৰু উন্নয়নৰ নকৰে তেন্তে সাংসদগৰাকীৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
সততে সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ধুবুৰীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হোৱা ঘটনাৰ কেন্দ্ৰ কৰি কয় যে যদি ধুবুৰীত ছিণ্ডিকেট চলিছে তেন্তে সাংসদগৰাকীয়ে ইয়াৰ বিৰুদ্ধে ৰাইজক লৈ কিয় আন্দোলন কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। তেওঁ ছিণ্ডিকেটৰ ধনৰ বাবেই অকল সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি অভিযোগ কৰে।
ধুবুৰী জিলাৰ ছিণ্ডিকেটত সাংসদ ৰকিবুল হুছেইনৰে ঘনিষ্ঠ এজন কংগ্ৰেছ বিধায়ক প্ৰত্যক্ষভাবে জড়িত বুলি সংবাদ মেলত সভাপতিগৰাকীয়ে সদৰী কৰে। বিধায়কগৰাকীয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰাৰ পিছত নীৰৱ কিয় বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে, বিধানসভাত বিধায়কগৰাকীয়ে কিয় এই বিষয়ত প্ৰশ্ন উত্থাপন নকৰিলে?
ইয়াৰ পৰা বুজা যায় যে ছিণ্ডিকেটৰ ধন বিধায়ক গৰাকীয়েও লাভ কৰি আহিছে। সাংসদ ৰকিবুল হুছেইনৰ কাম কাজক লৈ ক্ষোভিত হৈ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ ভাষাৰে সমালোচনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us