ধুবুৰী বন্দিহানা মাজেৰ আলগা গাঁৱত দলবদ্ধ ধৰ্ষণ, ডাকাইতি অভিযোগ...

ধুবুৰীৰ বন্দিহানা মাজেৰ আলগা গাঁৱলৈ হাৰিয়ানাৰ তিনিজন লোকক মাতি আনি মাৰপিট কৰি তেওঁলোকৰ সকলো ধন, অলংকাৰ আদি কাঢ়ি লোৱাৰ লগতে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে।

author-image
Tushar Pratim
New Update
 ধুবুৰী বন্দিহানা মাজেৰ আলগা গাঁৱত দলবদ্ধ ধৰ্ষণ, ডাকাইতি অভিযোগ...

ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ ধুবুৰী জিলাৰ বন্দিহানা মাজেৰ আলগা গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। জানিব পৰা মতে বন্দিহানা মাজেৰ আলগা গাঁৱলৈ হাৰিয়ানাৰ কেইবাজনো লোকক মাতি আনি মাৰপিট কৰি তেওঁলোকৰ সকলো ধন, অলংকাৰ আদি কাঢ়ি লোৱাৰ লগে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰো অভিযোগ উঠিছে।

Advertisment

অভিযোগ অনুসৰি মাজেৰ আলগা গাঁৱৰ মইনা নামৰ এগৰাকী মহিলা আজি কেইবছৰমানৰ পূৰ্বে হাৰিয়ানাৰ ৰমেজ সিং নামৰ এগৰাকী ব্যক্তিৰ সৈতে  বিবাহ সম্পন্ন হৈছিল। তাৰ পাছত তেওঁ স্বামীৰ সৈতে হাৰিয়ানাতেই আছিল যদিও আজি প্ৰায় ডেৰমাহ মানৰ পূৰ্বে তেওঁ পিতৃ গৃহলৈ উভতি আহে। ইফালে মইনা আৰু ৰমেজ সিঙৰ আছে দুটাকৈ সন্তান।

আনহাতে ৰমেজ সিঙৰ সম্পৰ্কীয় ভাতৃয়েও বিয়া কৰাইছে ধুবুৰীৰ পৰাই। অভিযোগ অনুসৰি মইনাই  আজি কিছুদিন পূৰ্বে  হাৰিয়ানাৰ স্বামী আৰু সম্পৰ্কীয় ভাতৃৰ পত্নীক ফোন কৰি  পুনৰ ঘূৰি যোৱাৰ ইচ্ছাৰ কথা অৱগত কৰে। সেই অনুসৰিয়েই হাৰিয়ানাৰ পৰা আহি ধুবুৰীত উপস্থিত হয় মইনাৰ স্বামী ৰমেজ, তেওঁৰ সম্পৰ্কীয় ভাতৃ আৰু তেওঁৰ পত্নী।  

ইয়াৰ পাছতেই প্ৰথমে তেওঁলোকক ভালকৈয়ে আপ্যায়ন কৰে যদিও নিশা  তেওঁলোকক প্ৰায় ১২ জনমান লোকে ধৰি লৈ বালি চৰলৈ লৈ যায় আৰু তাতেই তেওঁলোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। তেওঁলোকৰ পৰা কাঢ়ি লয় টকা, মোবাইল ফোন, সোণৰ অলংকাৰ আদি। তাৰোপৰি মইনাৰ সম্পৰ্কীয় বোৱাৰীগৰাকীকো দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগো উঠিছে।

ইতিমধ্যে ঘটনাসংক্ৰান্তত ভুক্তভোগীয়ে বন্দিহানা আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ অথবা আটক কৰিব পৰা নাই। তাৰোপৰি পলাতক হৈ আছে মূল অভিযুক্ত মইনা নামৰ মহিলাগৰাকী।  

 

ডকাইতি দলবদ্ধ ধৰ্ষণ