ধুবুৰীত প্ৰাক্তন ছাত্ৰ নেতা ইনামূল হকক সোঁৱৰণ

ধুবুৰীত প্ৰাক্তন ছাত্ৰ নেতা ইনামূল হকক সোঁৱৰণ

author-image
Asomiya Pratidin
New Update
ধুবুৰীত প্ৰাক্তন ছাত্ৰ নেতা ইনামূল হকক সোঁৱৰণ

ডিজিটেল সংবাদ,ধুবুৰী : প্ৰাক্তন ছাত্ৰ নেতা তথা সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এ এ এম ইনামূল হকলৈ শনিবাৰে ধুবুৰীৰ বিভন্ন দল-সংগঠন, স্থানীয় ৰাইজে গভীৰ ভাৱে শ্ৰদ্ধাণ্জলি নিবেদন কৰে। আজি ধুবুৰীৰ সাহিত্য সভা ভৱনত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ,অসম ৰ উদ্যোগত আৰু সদৌ দেশী জনগোষ্ঠীয় সংগ্ৰাম সমিতি, ৰ সহযোগত সদ্য প্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ স্মৃতিত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

এই উপলক্ষে আজি পুৱা সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ,অসম ৰ পতাকাখনি অৰ্ধনমিত কৰি ৰখা হয়। ইয়াৰ পিচত প্ৰয়াত ছাত্ৰ নেতা ইনামূল হকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰীৰ বিশিষ্ট সমাজকৰ্মী দীপক পাটোৱাৰীয়ে। লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে বিশিষ্ট সমাজকৰ্মী দেৱ প্ৰসাদ সিংহই।

ইয়াৰ পিচতে ধুবুৰী সাহিত্য সভা ভৱনত প্ৰয়াত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ স্মৃতিত এখনি স্মৃতি সভাও অনুষ্ঠিত হয়। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট অধিবক্তা গিয়াছুদ্দিন আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতীয়তাবাদী দল-সংগঠনৰ নেতৃবৃন্দ, স্থানীয় ৰাইজে সদ্য প্ৰয়াত ইনামূল হকৰ স্মৃতিত বক্তব্য প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়াল লৈ গভীৰ সমবেদনা গ্যাপণ কৰে। ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ইনামূল হকৰ আত্মাৰ সদ্গতি কামনা কৰি ডেৰ মিনিট মৌনতা অৱলম্বন কৰা হয়।

Also Read: ধেমাজি প্ৰেছ ক্লাৱত দুখনকৈ গ্ৰন্থ উন্মোচন

Inamul Haque