Advertisment

যৌন নিৰ্যাতনৰ গোচৰত ধুবুৰীত বনকৰ্মীক ৰঙাঘৰৰ প্ৰেৰণ...

ধুবুৰীৰ গৌৰীপুৰৰ বিট অফিচৰ বনকৰ্মী খন্দকাৰ ৰোজ্জাকক আজি যৌন নিৰ্যাতনৰ এক গোচৰত ৰঙা ঘৰলৈ প্ৰেৰণ কৰা হৈছে। এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তেওঁক জে'ললৈ প্ৰেৰণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
যৌন নিৰ্যাতনৰ গোচৰত ধুবুৰীত বনকৰ্মীক ৰঙাঘৰৰ প্ৰেৰণ...

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ ডিএফঅ' হিৰণ্য পাঠক চি এম ভিজিলেন্সৰ ৰোষত পৰাৰ পিচতেই ধৰ্ষণৰ গোচৰত গৌৰীপুৰৰ বিট অফিচৰ এজন বনকৰ্মী ৰঙা ঘৰৰ আলহী হোৱা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী বিবাহিত মহিলাৰ গোচৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনকৰ্মী খন্দকাৰ ৰেজ্জাক আহমেদক।

Advertisment

অভিযোগ মতে বনকৰ্মী খন্দকাৰ ৰেজ্জাক আহমেদে মহিলাগৰাকীক নিশা আন্ধাৰৰ সুযোগত মুখত সোপা দি বলপূৰ্বক শাৰিৰীক সম্পর্ক স্থাপন কৰিছিল। জানিব পৰামতে খন্দকাৰ ৰেজ্জাকে বিবাহিতা মহিলাগৰাকীক বহু দিনৰ পৰাই অপকর্ম কৰাৰ চেষ্টা চলাই আছিল।

অৱশেষত সুযোগ বুজি দুবাৰকৈ বিবাহ পাশত আবদ্ধ হোৱা বনকৰ্মী খন্দকাৰ ৰেজ্জাক আহমেদে যোৱা নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰ লগত অপকৰ্ম কৰিছিল বুলি এজাহাৰত উল্লেখ থাকে। পিচত মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত বনকৰ্মী খন্দকাৰ ৰেজ্জাক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গোলকগঞ্জ আৰক্ষীয়ে ১৫/২০২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰি বনকৰ্মী খন্দকাৰ ৰেজ্জাক আহমেদক গ্ৰেপ্তাৰ কৰি আজি জে'ল হাজোতলৈ প্ৰেৰণ কৰে।

যৌন নিৰ্যাতন