ধুবুৰীত বন বিভাগৰ অভিযাম: চাৰিখন কৈ ডাম্পাৰ-ট্ৰেক্টৰ জব্দ

ধুবুৰীত বন বিভাগৰ অভিযাম: চাৰিখন কৈ ডাম্পাৰ, ট্ৰেক্টৰ জব্দ

author-image
Asomiya Pratidin
New Update
ধুবুৰীত বন বিভাগৰ অভিযাম: চাৰিখন কৈ ডাম্পাৰ-ট্ৰেক্টৰ জব্দ

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী বন বিভাগে বুধবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই তিনিখনকৈ বালি, মাটি আৰু শিল ভৰ্তি ডাম্পাৰ আৰু এখন ট্ৰেক্টৰ জব্দ কৰে। বন বিভাগৰ এটি সূত্ৰই সদৰি কৰা মতে যোৱা নিশা কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ পৰা গোলকগন্জৰ সোণাহাটৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ লৈ চালান বিহীনভাৱে শিল কঢ়িয়াই লৈ গৈ থকা অৱস্থাত বানিয়া মাৰী এলেকাৰ পৰা এএছ১৭ চি ৬৭২৭ নম্বৰৰ ডাম্পাৰ এখনৰ চালান নথকাত বন বিভাগে ডাম্পাৰ খন জব্দ কৰে।

Advertisment

ইয়াৰ বিপৰীতে ধুবুৰী বন বিভাগে উত্তৰ গেৰামাৰী আৰু ধুবুৰীত অভিযান চলাই বালি আৰু ৰঙা মাটি কঢ়িওৱা দুখন ডাম্পাৰ আৰু এখন ট্ৰেক্টৰ জব্দ কৰি ধুবুৰী বন সংমণ্ডল কাৰ্যালয় লৈ লৈ আনে। উল্লেখ যোগ্য যে ধুবুৰীত দীৰ্ঘ দিনৰ পৰা একাংশ চোৰাং বেপাৰীয়ে ধুবুৰী বন বিভাগৰ চকুত ধূলি দি চৰকাৰক লাখ লাখ টকাৰ ৰাজহ ফাঁকিৰে শিল, বালি আৰু পাহাৰৰ ৰঙা মাটিৰ চোৰাং ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে।

Also Read: স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত গোলাঘাটত বিদ্যুৎ উপ- সংমণ্ডল কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

dhubri