মধুপুৰ সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি পালন

দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত মধুপুৰ সত্ৰ

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি পালন

মধুপুৰ সত্ৰত বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি পালন

ডিজিটেল সংবাদ, ধুবুৰীঃ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মধুপুৰ সত্ৰ সমিতিৰ সহযোগত ২৩ জানুৱাৰীত পালন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ৰাতিপুৱা ভাগৱৎ পাঠ আৰু প্ৰসংগৰে অনুষ্ঠানৰ পাতনি মেলা হয়।

Advertisment

বৰপেটা, গজিয়া, সুন্দৰীদিয়া, সত্ৰশাল, জিনকাটা সত্ৰৰ শতাধিক ভকত-বৈষ্ণৱৰ উপৰিও হাউলী, বৰপেটা ৰোড, বিজনীৰ কেইবাখনো সত্ৰ আৰু নামঘৰৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সমগ্র মধুপুৰ সত্ৰখনক ভক্তি ৰসেৰে মুখৰিত কৰি তোলে। ইয়াৰ লগতে সোমবাৰে আবেলি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা থিয় নাম উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্র নাথ প্ৰধানীয়ে আৰু এই উদ্ধোধনী অনুষ্ঠানত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক গুনীন্দ্র নাথ দাস উপস্থিত থাকে।

এই থিয়নাম সমাৰোহত অসমৰ সত্ৰসমূহৰ উপৰিও উত্তৰ-বংগৰ সাতখন সত্ৰৰ ভক্তসকলে থিয়নাম প্ৰদৰ্শন কৰে। সন্ধিয়া অনুষ্ঠিত হোৱা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত বৰপেটা, গজিয়া সত্ৰৰ নকুল দাসৰ নেতৃত্বত অহা এটা সত্ৰীয়া দলে ভোৰতাল, হোলীগীত, সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে অজয় বায়নৰ নেতৃত্বত অহা বৰপেটা সত্ৰৰ এটা দলে বৰগীত, কৃষ্ণ নৃত্য পৰিৱেশন কৰি উত্তৰ-বংগৰ আকাশ বতাহ শঙ্কৰদেৱৰ অমিয়া সৃষ্টিৰ ৰসেৰে জীপাল কৰি তোলে।

ইতিমধ্যে যোৱা ২২ জানুৱাৰীত সন্ধিয়া গোন্ধ পৰ্বেৰে তিৰোভাৱ তিথি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। উল্লেখযোগ্য যে অহা ২৪ জানুৱাৰীত দিনৰ ১২ বজাৰ পৰা সত্ৰৰ মূলগৃহত গুৰুজনাই ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী ৰাইজৰ দৰ্শনৰ বাবে মোকলাই দিয়া হ'ব বুলি জনায়।

আৰু পঢ়কঃ 'পাঠান' নহয় 'ড০ বেজবৰুৱাক'লৈহে চিন্তা মুখ্যমন্ত্ৰীৰ ! শ্বাহৰুখ খানে হিমন্ত বিশ্বলৈ ফোন কৰা নাই, তেওঁক চিনিও নাপায়...

মধুপুৰ সত্ৰ সত্ৰ