ডিজিটেল সংবাদ ধুবুৰীঃ এজন ই-ৰিক্সা চালকৰ মহানুভৱতা। ঘূৰাই দিলে লক্ষ্যাধিক টকাৰ সোণৰ গহনা। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জত।
প্ৰাপ্ত তথ্য মতে গোলকগঞ্জ ডাকঘৰৰ কৰ্মী বৰুন দাসৰ পত্নী নমিতা দাসে নিজৰ পুত্ৰ আৰু ককায়েকৰ লগত গৈ আছিল বঙাইগাঁৱলৈ। আছিল আত্মীয়ৰ বিয়া। ৰে'ল ষ্টেচনলৈ যাবলৈ উঠিছিল ই-ৰিক্সাত।
ৰে'ল ষ্টেচন পাই নামি গ'ল ই-ৰিক্সাৰ পৰা। কিন্তু এৰি গ'ল সোণৰ গহনা আৰু টকাৰ বেগ। ই-ৰিক্সা গুছি গ'ল। বেগ বিচাৰি লাগিল হাহাঁকাৰ। গোটেই ৰে'ল ষ্টেচন, গোলকগঞ্জ বজাৰত বেগ বিচাৰি ব্যাকুল হৈ পৰিল পৰিয়ালৰ সকলো।
তাৰ পাছত উপস্থিত হ'ল গোলকগঞ্জ থানাত। ইতিমধ্যেই ই ৰিক্সা চালক সঞ্জয় চন্দে তেওঁৰ বাহনখনত উক্ত বেগলৈ উপস্থিত হ'ল গৈ গোলকগঞ্জ থানাত। আৰক্ষীৰ হাতত জমা দিলে লক্ষ্যাধিক টকাৰ সোনণ গহনা আৰু টকাৰ বেগ।
পাছত আৰক্ষীয়ে সকলো পৰীক্ষা কৰি উক্ত বেগ গটাই দিলে বৰুণ দাসৰ পত্নী নমিতা দাসৰ হাতত। লগে লগে হেৰুৱা বেগ পাই আনন্দত আত্মহাৰা হৈ পৰে তেওঁলোক।
বেগটোত থকা সোণৰ গহণা আৰু টকা সকলো পৰীক্ষা কৰাত এটাও হেৰফেৰ নোহাৱাত তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে ই-ৰিক্সাগৰাকীক। তাৰোপৰি ই-ৰিক্সাগৰাকীক তেওঁৰ সততা আৰু মহানুভৱতাক চেল্যুট জনাই ধন্যবাদ জ্ঞাপন কৰিছে ধুবুৰী আৰক্ষীয়েও।