/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/8hbfq0yt/91368c25-a2b0-4d5b-ad81-0a91c7f98daf.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ভাষা -সাহিত্য চ'ৰাৰ সহযোগত মঙলবাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। সভাৰ আৰম্ভণিতে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° কৰুণা কান্ত দাসে। সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে ভাষা -সাহিত্য চ'ৰাৰ সভাপতি তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° অলকা শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-05/yxwaf5n9/6b2543a7-7535-411b-bd10-4d7195032641.jpg)
ড° শৰ্মাই ভাষণ প্ৰসংগত ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ বিষয়ে ছাত্ৰ -ছাত্ৰীসকলক অৱগত কৰে। প্ৰাক্তন ছাত্ৰী ৰাইহানা ইছলামে নিৰ্দিষ্ট বক্তৃতাৰ ভাষণ প্ৰদান কৰে।
সহকাৰী অধ্যাপিকা ড° পলী বেজবৰুৱা, দেৱশ্ৰী ৰায়ে ভূপেন হাজৰিকাৰ কেইবাটাও গীত পৰিৱেশন কৰে। ছাত্ৰ -ছাত্ৰীসকলেও ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে কবিতা আবৃত্তি আৰু ভূপেন হাজৰিকাৰ জীৱন-দৰ্শনৰ ওপৰত বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটোত শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সহকাৰী অধ্যাপক ছাইফুল হাচানে। জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে।
Also Read: ঢকুৱাখনাত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক