Advertisment

ধুবুৰী জিলা সাহিত্য সভাৰ নিৰ্বাচন সম্পন্নঃ সভাপতি পদত আনোৱাৰ হুছেইন...

অসম সাহিত্য সভাৰ সংবিধানৰ বিধি ব্যৱস্থা অনুসৰি ধুবুৰী জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচন সুকলমে সম্পন্ন হোৱাৰ পাছত ২২ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হয়।

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা সাহিত্য সভাৰ নিৰ্বাচন সম্পন্নঃ সভাপতি পদত আনোহাৰ হুছেইন...

ধুবুৰী জিলা সাহিত্য সভাৰ নিৰ্বাচন সম্পন্নঃ সভাপতি পদত আনোহাৰ হুছেইন...

ডিজিটেল সংবাদ, ধুবুৰীঃ অসম সাহিত্য সভাৰ সংবিধানৰ বিধি ব্যৱস্থা অনুসৰি ধুবুৰী জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচন সুকলমে সম্পন্ন হোৱাৰ পাছত ২২ ডিচেম্বৰত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হয়। এই উপলক্ষে ধুবুৰী জিলাৰ
নয়াহাটস্থিত শিক্ষাজ্যোতি একাডেমিত আয়োজিত জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ তৰফৰপৰা নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে উপস্থিত থকা বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অসম সাহিত্য সভা আৰু সভাৰ নিৰ্বাচন সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

Advertisment

সভাত জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী বিষয়া তৰণীকান্ত ৰয়ে নিৰ্বাচনী ফলাফল ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি সভাপতি পদত আনোৱাৰ হুছেইন, উপ-সভাপতি পদত খাদেম আলী আৰু  সম্পাদক পদত আব্দুছ ছালাম নিৰ্বাচিত হয়।

বৰকান্দা শাখা সাহিত্য সভাৰ আতিথ্যত হোৱা এই সভাত পৌৰোহিত্য কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি আনোৱাৰ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আলোচিত বিষয়বস্তু উত্থাপন কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথে।

সংগীত শিল্পী আব্দুল্লা সৰকাৰৰ নেতৃত্বত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ বৃন্দগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে বৰকান্দা পিপ’লচ একাডেমিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জমচেৰ আলীয়ে। বৰকান্দা শাখা সাহিত্য সভাৰ সভাপতি ছাদি হুছেইন আৰু সম্পাদক ৰকিবুল ইছলামে আঁত ধৰা এই সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, জিলাৰ নিৰ্বাচনী বিষয়া-আইনবিদ অমিয় কুমাৰ নাথ আৰু আইনবিদ সহিদুৰ ৰহমান, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মোছলেমউদ্দিন আহমেদ, ধুবুৰী জিলা সাহিত্য সভাৰ উপদেষ্টা নিখিল ৰঞ্জন দাস প্ৰমুখ্যে সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে ধুবুৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সভাবোৰৰ সভাপতি আৰু সম্পাদকসকলে ভাগ লৈ ভাষণ আৰু মতামত আগবঢ়ায়।

উল্লেখযোগ্য যে সভাৰ কাৰ্যসূচী অনুসৰি শিক্ষাৰ্থী ক্ৰমে অনুপমা সিংহ, নৱনীতা সূত্ৰধৰ, ৰশ্মি ৰয়, অনামিকা সিংহ, সুস্মিতা ৰয়, ৰিয়া ৰয়, ৰৌচমী বেগম, কাদিজা খাতুন, জৰিফা খাতুন, আৰ্চিনা বেগম, অঞ্জুমা খাতুন আৰু আৰিফা বেগমে হুদুম, কাৰ্তিক আৰু গোৱালিনীয়ে নৃত্য পৰিবেশন কৰি সভাখনৰ পৰিৱেশ অধিক প্ৰাণৱন্ত কৰি তোলে। অসম সংগীতেৰে সভাৰ সামৰণি মৰা হয়।

সাহিত্য সভা