/asomiyapratidin/media/media_files/2025/06/05/t0ygdkeKkWz173WYovmX.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীৰ অগ্ৰণী সামাজিক সংগঠন কল্পতৰুৰ সভাপতি তথা বিশিষ্ট প্ৰকৃতিপ্ৰেমী শুচিব্ৰত সিংহ চৌধুৰীৰ উদ্যোগত আৰু ধুবুৰী চহৰৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ সহযোগত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধুবুৰীৰ মৰা গদাধৰ নৈৰ পাৰে পাৰে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।
কল্পতৰুৰ কৰ্ম-কৰ্তা সকল, ধুবুৰীৰ জ্যেষ্ঠ নাগৰিক সকলৰ লগতে যুৱক-যুৱতী সকলেও ধুবুৰীৰ ডি কে ৰোডৰ কাষেৰে বৈ যোৱা মৰা গদাধৰ নৈৰ কাষৰ পাৰত গছপুলি ৰোপণ কৰি প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়।
আজি ধুবুৰীৰ সামাজিক সংগঠন "কল্পতৰু"ৰ ফালৰ পৰা ধুবুৰীৰ বিভিন্ন প্ৰান্তত গছ পুলি ৰোপণ কৰি প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ ওপৰত ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা হয়।