/asomiyapratidin/media/media_files/2025/03/14/IkNxZJHVBJQcoYCMAnRg.jpg)
ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ ধুবুৰী গৌৰীপুৰৰ তাৰঘাটত তিনি মাহ পূৰ্বে সংঘটিত হোৱা এক হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। উল্লেখ্য যে, প্ৰায় ৩ মাহ পূৰ্বে হত্যাৰ বলি হৈছিল ৰাহুল হুছেইন নামৰ ছাত্ৰজন।
ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ গেৰামাৰী দ্বিতীয় খণ্ড গাওঁৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল হুছেইনক ২০২৪ চনৰ, ২৬ ডিচেম্বৰৰ নিশা হত্যা কৰি তাৰঘাটৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায়।পিছৰ দিন ৰাতিপুৱা ছাত্ৰ জনৰ মৃত্যুদেহ উদ্ধাৰ হয়।
পিছত পৰিয়ালৰ লোকে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে যদিও হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীয়ে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে এই সংক্ৰান্তত চলিত বছৰৰ ফেব্ৰুৱাৰীৰ ১৫ তাৰিখে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
পাছত ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত তদন্ত কৰি এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গৌৰীপুৰ চহৰৰ ৬ নং ৱাৰ্ডৰ গৌতম ঘোষ নামৰ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। আশা কৰা হৈছে আৰক্ষীৰ সঠিক তদন্তৰ অন্তত হত্যাকীৰক গ্ৰেপ্তাৰ কৰিব পৰা যাব।