ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী সদৰ আৰক্ষী থানাৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে নিশা এজন আৰক্ষী কনিষ্টবলক আটক কৰে। আটকাধীন কনিষ্টবলজন ধুবুৰীৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত অসম আৰক্ষীৰ জোৱান হিচাপে কৰ্মৰত হৈ আছিল।
ধুবুৰী আৰক্ষীৰ হাতত আটক হোৱা আৰক্ষী কনিষ্টবল জনৰ নাম আকবৰ আলী বুলি জানিব পৰা গৈছে। ধৃত আৰক্ষী জনৰ ঘৰ ঝগৰাপাৰত থকা ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালৰ কাষত বুলি জানিব পৰা গৈছে। ধুবুৰীৰ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা আকবৰ আলীক আটক কৰি আৰক্ষীয়ে তেওঁক ধুবুৰী থানালৈ লৈ আনে।
পিচত ধুবুৰী আৰক্ষীৰ দলটোৱে ঝগৰাৰপাৰৃস্থিত আকবৰ আলীৰ ঘৰতো অভিযান চলায়।অভিযোগ অনুসৰি আৰক্ষী কনিষ্টবল আকবৰ আলীয়ে পুলিচ ভেৰিফিকেচনৰ নামত জালিয়াতিৰে ৰমৰমীয়া ব্যৱসায় চলাই আছিল বুলি অভিযোগ উত্থাপিত হৈছে।
আনহাতে ধুবুৰী আৰক্ষীয়ে সাংবাদিকৰ আগত এই বিষয়ে একো সদৰী কৰা নাই যদিও বৰ্তমানে ধুবুৰী সদৰ থানাত আকবৰ আলীক ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।