/asomiyapratidin/media/media_files/2025/02/27/IO5mU6LDiCHg432ZFPaM.png)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী চহৰৰ মাজমজিয়াত আজি দিন দুপৰতে চিলনী চোৰে খোদ আৰক্ষী জোৱানকে লক্ষ্য কৰি লোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, আজি ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ঠিক সন্মুখতে চিলনী চোৰে আৰক্ষী জোৱান এগৰাকীক আক্ৰমণ কৰি চেইন কাঢ়ি নিয়াৰ চেষ্টা কৰে।
অৱশ্যে সেই সময়ত সেই স্থানত উপস্থিত থকা আন আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত আক্ৰমণকাৰী চিলনী চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ঘটনাৰি বিৱৰণ অনুসৰি ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ৭ নং অসম আৰক্ষী বেটেলিয়নৰ জোৱান বিষ্ণু ৰায়ক লক্ষ্য কৰি লয় চিলনী চোৰে।
জোৱানজনৰ মুখত প্ৰথমে বিষাক্ত ঔষধ চতিয়াই পাছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু তেওঁ পৰিধান কৰি থকা চেইন লৈ পলাবলৈ চেষ্টা কৰে। কিন্তু সেই সময়ত তাত উপস্থিত থকা আন আন আৰক্ষী বিভাগৰ লোকে স্থানীয় লোকৰ সহযোগত চিলনী চোৰক আটক কৰে।
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে এনে মৰসাহ কৰা চিলনী চোৰক অৱশ্যে আৰক্ষীৰ উপস্থিতিতে স্থানীয় লোকে প্ৰহাৰো কৰে। গণ ৰোষৰ বলি হোৱা চিলনী চোৰক পাছত আৰক্ষীয়ে সদৰ থানৈল লৈ যায়। জানিব পৰা মতে আটকাধীন চিলনী চোৰটোৰ নাম মণ্টি যাদৱ।
মণ্টিৰ ঘৰ বিহাৰৰ কিষাণ গঞ্জত। আৰক্ষীয়ে জনোৱা মতে মণ্টি যাদৱৰ পেছাই হৈছে চৌৰ্য বৃত্তি। তেওঁ পূৰ্বে মানুহৰ পকেট লুটিছিল যদিও এইবাৰ এঢাপ আগুৱাই গৈ চিলনী চোৰ কিৰিছিল।