/asomiyapratidin/media/media_files/2025/02/26/mXfY6kuYRwUW9n8UCiAD.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী পৌৰসভা এলেকাৰ য'তে ত'তে আৱৰ্জনা পেলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে পৌৰ প্ৰশাসন। পৌৰ প্ৰশাসনৰ এনে কঠোৰ পদক্ষেপৰ বাবেই পৌৰসভা এলেকাত আৱৰ্জনা পেলাই ফাইন ভৰিবলগীয়া হৈছে এখন ৰেষ্টুৰেণ্টে।
যোৱা নিশা পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া নম্ৰতা প্ৰদীপ শৰ্মাৰ নেতৃত্বত এটা দলে বিভিন্ন ধুবুৰী অঞ্চলৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। সেই সময়তে চহৰখনৰ মাজমজিয়াত থকা এ এছ-১৭ নামৰ ৰেষ্টুৰেণ্টখনৰ এগৰাকী কৰ্মচাৰীয়ে মুকলিকৈ আৱৰ্জনা পেলোৱা প্ৰত্যক্ষ কৰে দলটোৱে।
ইয়াৰ পাছতে এনে অপৰাধৰ বাবে ঘটনাস্থলীতে কৰ্মচাৰীজনৰ এনে আচৰণৰ বাবে ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ২০০০ টকাৰ জৰিমণা বিহা হয়। উল্লেখ্য যে, ধুবুৰীৰ হৰিসভা এলেকাৰ সংস্কৃত টোলৰ সন্মুখত থকা এই এ এছ-১৭ নামৰ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে পূৰ্বৰ পৰাই এই বিষয়ত অভিযোগ উত্থাপন হৈ আহিছিল।
অভিযোগ অনুসৰি এই ৰেষ্টুৰেণ্টখনে হৰিসভাৰ উক্ত স্থানত ৰেষ্টুৰেণ্টৰ সকলোধৰণৰ জাৱৰ-জোঁথৰ পেলাই পৰিবেশ বিনষ্ট কৰাৰ লগতে স্থানীয় ৰাইজক হাৰাশাস্তি কৰি আহিছিল। স্থানীয় ৰাইজে এই বিষয়ে পূৰ্বৰে পৰা ৰেষ্টুৰেণ্টখনক এনে কাম নকৰিবলৈ সকিয়াই আহিছিল। তাৰ পাছতো জন স্বাস্থ্যক আওকাণ কৰি আহিছিল। সেয়ে পৌৰ প্ৰশাসনৰ এনে কঠোৰ পদক্ষেপক শলাগ লৈছে সাাধাৰণ জনতাই। তাৰোপৰি এনে কঠোৰ ব্যৱস্থা অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধেও লোৱাৰ দাবী উত্থাপন হৈছে।