আৰক্ষীৰ জালত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী

আৰক্ষীৰ জালত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জালত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী আৰক্ষীৰ জালত পৰিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী। আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ কেলেংকাৰীৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে হাবিবুল হাছান আলম নামৰ এগৰাকী কৰ্মচাৰীক।

Advertisment

জানিব পৰা মতে ধনৰ বিনিময়ত আয়ুস্মান ভাৰত কাৰ্ড নথকা ব্যক্তিকো দিছিল সুবিধা।অন্য লোকৰ আয়ুস্মান কাৰ্ড অন্য লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ অভিযোগ হাবিবুলৰ বিৰুদ্ধে।

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে আটক কৰে হাবিবুলক। আটক হোৱা হাবিবুলৰ ঘৰ ধুবুৰীৰ ঝগৰাৰপাৰ ত বুলি জানিব পৰা গৈছে।

Also Read: আদৰ্শ গাঁও ম'হপাৰাৰ ঘৰে-ঘৰে থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত শিপিনীসকল

Dhubri Medical College