ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত ৰেগিঙৰ ঘটনাক নস্যাৎ অধ্যক্ষৰ: তদন্ত কমিটী গঠন

ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত ৰেগিঙৰ ঘটনাক নস্যাৎ অধ্যক্ষৰ: তদন্ত কমিটী গঠন

author-image
Asomiya Pratidin
New Update
ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত ৰেগিঙৰ ঘটনাক নস্যাৎ অধ্যক্ষৰ: তদন্ত কমিটী গঠন

ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী মেডিকেল কলেজ আৰু হাস্পাতালৰ ছাত্ৰ এগৰাকীক ৰেগিং কৰাৰ এক খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ধুবুৰী মেডিকেল কলেজৰ অধ্যক্ষ ডা: অংকুমণি শইকীয়াই সাংবাদিকৰ আগত ৰেগিঙৰ ঘটনাক এক প্ৰকাৰ নস্যাৎ কৰে।

Advertisment

সোমবাৰে ধুবুৰী মেডিকেল কলেজৰ অধ্যক্ষ ডা: অংকমণি শইকীয়াই কয় যে, আজি বিয়লি ৩.১৫ বজাত তেওঁৰ কলেজৰে ছাত্ৰ এজনে হোৱাটছ এপ যোগে তেওঁলৈ এটি মেছেজ প্ৰেৰণ কৰিছিল । সেই মেছেজটোত ছাত্ৰজনে উল্লেখ কৰা মতে নিশা তেওঁ ছাত্ৰাৱাসত শুই থকা অৱস্থাত মেডিকেল কলেজৰে কোনোবা ছাত্ৰই ছিৰিঞ্জেৰে শৰীৰত ড্ৰাগছ জাতীয় সামগ্ৰী সুমুৱাই দিয়াৰ অভিযোগ কৰে। কেইবা মাহৰ পৰা এইদৰে তেওঁক ড্ৰাগছ জাতীয় সামগ্ৰী শৰীৰত সুমুৱাই দিয়াৰ অভিযোগ কৰিছে ছাত্ৰজনে।

অভিযোগকাৰী ছাত্ৰজন বিহাৰৰ বুলি জানিব পৰা গৈছে। বিহাৰৰ সেই ছাত্ৰ জনে ধুবুৰী মেডিকেল কলেজত অধ্যয়নৰত হৈ আছে। ইপিনে আজি মেডিকেল কলেজৰ অধ্যক্ষ গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ইয়াৰ পূৰ্বেও সেই অভিযোগকাৰী ছাত্ৰজনক নিচাসক্ত হোৱা দেখা পাইছিল। এই ক্ষেত্ৰত ছাত্ৰ গৰাকীৰ অভিভাৱককো বিষয়টো অৱগত কৰা হৈছিল বুলি আজি মেডিকেল কলেজ খনৰ অধ্যক্ষ গৰাকীয়ে সাংবাদিকৰ আগত কয়।

ইপিনে আজি এই ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজ কৰ্তৃপক্ষই এখন তদন্ত কমিটিও গঠন কৰি দিয়ে।তদন্ত কমিটীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিচতে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি আজি স্পষ্ট কৰে ধুবুৰী মেডিকেল কলেজ আৰু হাস্পাতাল খনৰ অধ্যক্ষ ডা:অংকুমনি শইকীয়াই।

উল্লেখযোগ্য যে অভিযোগকাৰী ছাত্ৰ গৰাকীয়ে তেওঁক ৰেগিং কৰাৰ কথা উল্লেখ কৰিছে যদিও তেওঁক কোনে ৰেগিং কৰিছে সেই বিষয়ে তেওঁ মুখ খোলা নাই। ধুবুৰী মেডিকেল কলেজখনৰ অধীক্ষক ডা: গুণজিৎ দাসে আজি সাংবাদিকৰ আগত কয় যে কলেজখনৰ ছাত্ৰ আৰু ছাত্ৰী নিৱাসত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা আছে সেয়েহে কোনো ধৰণৰ ৰেগিং বা অন্য কোনো অসামাজিক কাৰ্যকলাপৰ প্ৰশ্নই নুঠে।

Also Read: মুখ্যমন্ত্ৰীৰ মাটিৰ ভোক লাগিছে,তেওঁৰ পৰিবাৰে সম্পত্তি গ্ৰাস কৰি তেওঁৰ ধ্বংস মাতিছেঃ মীৰা বৰঠাকুৰ

dhubri medical college and hospital