ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশত শনিবাৰে বন বিভাগে অভিযান চলাই অবৈধ কাঠফলা মিলৰ সৈতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গোপন সুত্ৰৰ পম খেদি ধুবুৰী সহকাৰী বন সংমণ্ডল বিষয়া (এছিএফ) চক্ৰপাণি ৰায়ৰ নেতৃত্বত বনাঞ্চলিক বিষয়া ছফিকুৰ ৰহমান,প্ৰটেকশ্বন ৰেঞ্জাৰ শৰৎচন্দ্ৰ দাস, ডেপুটি ৰেঞ্জাৰ জীৱেশ চন্দ্ৰ ৰায় আদিৰ লগতে বন বিভাগৰ এটি দলে চৰাঞ্চলৰ পুটিমাৰী অঞ্চলত আজি পুৱা অভিযান চলায়।
পাছত চৰাঞ্চলৰ গোপন স্থানত অবৈধ চলাই থকা তিনিটা কাঠফলা মিল জব্দ কৰাৰ লগতে শাল, চেগুন,গমাৰী আদি মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে। আনহাতে অভিযানকাৰী দলটোক দেখি কাঠৰ চোৰাং বেপাৰী পলায়ন কৰে।
উল্লেখ্য যে ধুবুৰীৰ চৰাঞ্চলৰ দুৰ্গম যাতায়তৰ সুবিধা গ্ৰহণ কৰি একাংশ অসাধু লোকে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উঠিছে। সম্প্ৰতি ধুবুৰী বন বিভাগে যন্ত্ৰচালিত নাৱৰে তহলৰ ব্যাৱস্থা কৰি চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। জব্দ কৰা কাঠখিনি হাটশিঙিমাৰী বন বিভাগৰ কাৰ্য্যালয়ত ৰাখিছে।