ধুবুৰীৰ ফুটবল লীগত ভয়ংকৰ মাৰপিট

ধুবুৰীৰ ফুটবল লীগত ভয়ংকৰ মাৰপিট

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰ ক্রীড়া সন্থাৰ উদ্যোগত শুকুৰবাৰে বিয়লি এখন ফুটবল খেল অনুষ্ঠিত হৈছিল। এই ফুটবল খেলখনত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা খৈছে। এ বি ৱাই কে পি ঘেগেৰআলগা ফুটবল টীম আৰু এইচ ছ'ছাইটি ছেমচৰণেৰ কুটি দলৰ মাজত খেল চলি থকাৰ সময়তে দুজন খেলুৱৈৰ মাজত সৃষ্টি হোৱা কাজিয়াক কেন্দ্ৰ কৰি দুই দলৰ পৰা যোৱা দৰ্শকসকলে খেল পথাৰত প্ৰৱেশ কৰি মাৰপিট আৰম্ভ কৰে।

এই মাৰপিটৰ ফলত কেইবা জনো খেলুৱৈ গুৰুতৰভাৱে আহত হয়। ইপিনে খেল পথাৰখন ৰণ ক্ষেত্ৰলৈ পৰিণত হোৱাত গৌৰীপুৰৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

dhubri