ৰকিবুল হুছেইনৰ চিন্তাঃ গৌৰৱ গগৈৰ নাম লৈ লৈ ক্ষীণাই গৈছে ড০ হিমন্ত বিশ্ব শৰ্মা...

ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰীৰ ৰাজীৱ ভৱনত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান।

author-image
Tushar Pratim
New Update
ৰকিবুল হুছেইনৰ চিন্তাঃ গৌৰৱ গগৈৰ নাম লৈ লৈ ক্ষীণাই গৈছে ড০ হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰীৰ ৰাজীৱ ভৱনত শেহতীয়াকৈ সম্পন্ন হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন,  গোলকগঞ্জ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰকে ধৰি জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকল।

Advertisment

উল্লেখ্য যে, এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ২০ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত ১০ টা জিলা পৰিষদ সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে ১২৮ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত ৬২ টা আঞ্চলিক পঞ্চায়তক নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। আনহাতে আজি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে কয় যে ধুবুৰী জিলাৰ ২০ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত এ আই ইউ ডি এফে মাত্ৰ ৩ টা জিলা পৰিষদ সমষ্টিতহে জয়ৰ মুখ দেখিবলৈ পাইছে। 
তেওঁ কয়, এ আই ইউ ডি এফে ধুবুৰী জিলাত ৩ টা জিলা পৰিষদ সমষ্টিত জয়লাভ কৰিয়েই গোটেই অসমতে এ আই ইউ ডি এফৰ উত্থান হোৱা বুলি প্ৰচাৰ কৰি আছে। ইপিনে সাংসদ ৰকিবুল হুছেইনে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো চোকা ভাষাৰে সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ,  গৌৰৱ গগৈ কৰি কৰি ক্ষীণাই গৈছে। 

তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে বুজি পাইছে যে গৌৰৱ গগৈক আজি অসমৰ প্ৰতিটো শ্ৰেণীৰ লোকে মৰমেৰে আকোঁৱালি লৈছে। গৌৰৱ গগৈৰ জনপ্ৰিয়তাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিদ্ৰাহৰণ হোৱা বুলিও মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। 

তেওঁ এইবুলিও কয় যে, অসমৰ যি জন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাক হাতত ধৰি আনি বিধায়ক কৰিলে, মন্ত্ৰী পাতিলে, ৰাজনীতিৰ অ-আ, ক-খ শিকালে সেইজন তৰুণ গগৈৰ বিৰুদ্ধে ড° হিমন্ত বিশ্ব শৰ্মাই মানহানিকৰ কথা ক'ব পাৰে। গতিকে এইজন ড° হিমন্ত বিশ্ব শৰ্মা আগৰ সেই হিমন্ত বিশ্ব শৰ্মা হৈ থকা নাই।

আনহাতে বিজেপিৰ লগত গোপনে মিতিৰালি কৰাৰ বাবেই মৌলানা বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দল ৰাইজৰ মনৰ পৰা একেবাৰে আঁতৰি গৈছে বুলি কয় সাংসদ গৰাকীয়ে। ধুবুৰী জিলাত এ আই ইউ ডি এফৰ পতন হৈছে আৰু সেইটো বদৰুদ্দিন আজমলে সময় থাকোতেই স্বীকাৰ কৰি লোৱাটো ভাল বুলি সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰে।

পঞ্চায়ত নিৰ্বাচন গৌৰৱ গগৈ ড০ হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন