ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ডুমৰদহত বাইক আৰু ই-ৰিক্সাৰ দুৰ্ঘটনাই উন্মোচন কৰিলে নিষিদ্ধ সামগ্ৰীৰ এক ৰমৰমীয়া বেহা। জানিব পৰা মতে আজি ডুমৰদহত এখন বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত হয় সংঘৰ্ষ। ফলত বাইকত থকা যুৱক দুয়োজন বাইকৰ সৈতে পথৰ মাজতে বাগৰি পৰে।
স্থানীয় ৰাইজে লগে লগে তেওঁলোক উদ্ধাৰ কৰিবলৈ যাওঁতেই তেওঁলোকৰ বেগত নিচাজাতীয় কফ চিৰাপ আৰু টেবলেট প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে এই বিষয়ে বালাজান আৰক্ষীক খবৰ দিয়ে।
বালাজান আৰক্ষীয়ে পৰৱৰ্তী সময়ত তদন্ত চলাই যুৱক দুজনৰ বেগৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় কফ চিৰাপ আৰু টেবলেট জব্দ কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা যুৱক দুজন ধুবুৰীৰ সাহিনুৰ ৰহমান আৰু মকলেচুৰ ৰহমান প্ৰধানী। তেওঁলোকে পশ্চিমবংগৰ পৰা এই নিচাজাতীয় সামগ্ৰীখিনি কঢ়িয়াই আনিছিল।