শিলিগুৰিৰ চিত্রকলা প্ৰদৰ্শনীত ভূয়সী প্ৰশংসিত ধুবুৰীৰ চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰ

‘দ্বিতীয় শিলিগুৰি আৰ্ট ফেয়াৰ-২০২৫’ শীৰ্ষক বৃহৎ চিত্রকলা প্ৰদৰ্শনী, চিত্ৰ মেলাত ধুবুৰীৰ চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰক অতিথি শিল্পী হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
শিলিগুৰিৰ চিত্রকলা প্ৰদৰ্শনীত ভূয়সী প্ৰশংসিত ধুবুৰীৰ চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ নৰ্থ বেংগল পেইণ্টাৰ এছ'ছিয়েচনৰ উদ্যোগত উত্তৰ বংগৰ শিলিগুৰিত অনুষ্ঠিত হোৱা দ্বিতীয় শিলিগুৰি আৰ্ট ফেয়াৰ-২০২৫ শীৰ্ষক এখনি বৃহৎ চিত্রকলা প্ৰদৰ্শনী তথা চিত্ৰ মেলাত ধুবুৰীৰ চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰক অতিথি শিল্পী হিচাপে আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিব পৰা গৈছে।

Advertisment

যোৱা ২১ মাৰ্চত আৰম্ভ হোৱা এই চিত্ৰ কলা প্ৰদৰ্শনী তথা চিত্ৰ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নেপালৰ পৰা অহা শিল্পীয়েও অংশ গ্ৰহণ কৰিছে। ২৫ মাৰ্চ, মঙলবাৰে সামৰণি পৰিব এই চিত্ৰ প্ৰদৰ্শনী।

এই চিত্ৰ প্ৰদৰ্শনী তথা চিত্ৰ মেলাত ধুবুৰীৰ বিশিষ্ট চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰই যোৱা ২১ মাৰ্চত ৱাটাৰ কালাৰৰ জৰিয়তে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ছবি অংকণ কৰি প্ৰদৰ্শন কৰিছিল। তেওঁৰ এই চিত্ৰকলা দেখি উপস্থিত থকা শিল্পী তথা ৰাইজ অভিভূত হৈ পৰে।

ফলত তেওঁ ভূয়সী প্ৰশংসিত হয়। উল্লেখযোগ্য যে বিশিষ্ট চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰই বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাজ্যিক চিত্ৰ কলাৰ প্ৰদৰ্শনীসমূহত মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্যপট বিভিন্ন ধৰণে অংকণ কৰি ব্ৰহ্মপুত্ৰক সুৰক্ষাৰ হকে জনমত গঠনৰ বাবে চেষ্টা কৰি আহিছে। তাৰোপৰি ৰাইজক সজাগ কৰি তুলিবলৈ তেওঁ এইদৰেই অভিনৱ প্ৰয়াস কৰি আহিছে।

শিলিগুৰিৰ চিত্রকলা প্ৰদৰ্শনীত ভূয়সী প্ৰশংসিত ধুবুৰীৰ চিত্ৰ শিল্পী তৰুণ কুমাৰ মিত্ৰ

চিত্ৰশিল্পী চিত্ৰ প্ৰদৰ্শনী