ধুবুৰীৰ বৰুণডাংগাত প্ৰাচীন কালৰ হিলৈ-গুলী উদ্ধাৰ...

ধুবুৰীৰ বৰুণডাংগাত প্ৰাচীন কালৰ হিলৈ, গুলী উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ বৰুণডাংগাত প্ৰাচীন কালৰ হিলৈ-গুলী উদ্ধাৰ...

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গোলকগন্জ আৰক্ষী থানাৰ অন্তৰ্গত বৰুণডাংগা গাঁওৰ খেতিপথাৰৰ পৰা ৩ টাকৈ অতি প্ৰাচীন কালৰ হিলৈ আৰু ইয়াৰ কেইবাটাও গুলী উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি, বৰুণডাংগাৰ শ্বহিদুল হক নামৰ এজন খেতিয়কে অলপতে তেঁওৰ খেতিপথাৰত কাম কৰি থাঁকোতে উক্ত হিলৈ ৩ টা আৰু গুলী সমুহৰ প্ৰত্যক্ষ কৰে।

Advertisment

পাছত এই সম্পৰ্কে স্থানীয় ৰাইজক বিষয়টো অৱগত কৰোৱাত উদ্ধাৰ কৃত হিলৈ ৩ টা চাবলৈ ৰাইজৰ হেতা-ওপৰা লাগে। পৰৱৰ্তীত শ্বহিদুল হকে গোলকগন্জ আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি হিলৈ ৩টা আৰু গুলীসমূহ লৈ গোলকগন্জ আৰক্ষী থানাত সযত্নে ৰখাৰ পিচত জিলা প্ৰশাসনে প্ৰাচীন কালৰ উক্ত হিলৈ ৩ টা আৰু গুলীসমূহ ধুবুৰী জিলা সংগ্ৰহালয়ত ৰখাৰ ব্যৱস্থা কৰিছে বুলি মঙলবাৰে জিলা সংগ্ৰহালয় বিষয়া ক্ৰীতি কুমাৰ সৰকাৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও জিলাখনৰ সেই বৰুণডাংগা গাঁওখনত যুদ্ধত ব্যৱহৃত ৰজা দিনীয়া বল্লম উদ্ধাৰ হৈছিল। মন কৰিবলগীয়া যে, ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিচত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেঁওৰ পুত্ৰ দ্বয় পৰৱৰ্তীত ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ে কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰিছিল। পশ্চিমবংগৰ কোচবিহাৰকে ধৰি পশ্চিম অসমৰ ধুবুৰী, গোৱালপাৰা জিলাকে ধৰি বিভিন্ন ঠাইত কোচ ৰাজবংশৰ বহু মূল্যৱান কীৰ্তি-চিহ্ন সময়ে সময়ে উদ্ধাৰ হৈ আহিছে।

ইপিনে উদ্ধাৰ কৃত হিলৈ ৩ টা কোনটো সময়ৰ হ'ব পাৰে বুলি এতিয়াও নিশ্চিত হোৱা নাই যদিও এলেকাটোৰ একাংশ প্ৰবীন লোকে উক্ত হিলৈ ৩টা আৰু ইয়াৰ গুলীসমূহ ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ ভিতৰত হ'ব লাগে বুলি ধাৰণা কৰিছে। এনেধৰণৰ হিলৈসমূহ সাধাৰণতে যুদ্ধৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে। ইপিনে জিলাখনৰ বৰুণডাংগা, মটেৰঝাৰ আদি এলেকাত প্ৰায়ে ৰজা দিনীয়া প্ৰাচীন সা-সামগ্ৰী আদি উদ্ধাৰ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে বৰুণডাংগা, মটেৰঝাৰ আদি এলেকাত অসম চৰকাৰে পৌৰাণিক সামগ্ৰীৰ সন্ধানত জৰীপ কাৰ্য চলোৱাৰ বাবে ৰাইজে দাবী উত্থাপন কৰাৰ লগতে আগন্তক দিনত হয়তো বহুতো প্ৰাচীন ৰজা দিনীয়া মূল্যৱান সামগ্ৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি বহুতেই ধাৰণা কৰিছে।

dhubri