যেন হাত দঙাৰহে প্ৰতিযোগিতা ! আকৌ ঘোচলৈ হাত দাঙিলে DFO সহ তিনিজনে...

যেন হাত দঙাৰহে প্ৰতিযোগিতা ! আকৌ ঘোচলৈ হাত দাঙিলে DFO সহ তিনিজনে...
যেন হাত দঙাৰহে প্ৰতিযোগিতা ! আকৌ ঘোচলৈ হাত দাঙিলে DFO সহ তিনিজনে...

ডিজিটেল ডেস্কঃ ৰাজ্যত প্ৰায় প্ৰতিদিনেই ঘোচখোৰ বিষয়া, কৰ্মচাৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ জালত পৰা ঘটনা তেনেই সাধাৰণ ঘটনালৈ ৰূপান্তৰ হৈছে। এজনৰ পিছত এজনকৈ ঘোচখোৰ কৰ্মচাৰীয়ে প্ৰতিদিনেই হাত দাঙিছে যদিও শুভ বুদ্ধি উদয় হোৱা নাই এনে বহু বিষয়া, কৰ্মচাৰীৰ। যেন সকলোৰে মাজত প্ৰতিযোগিতা চলিছে হাত দঙাৰ।

শেহতীয়াকৈ ধুবুীৰ জিলাত একেদিনাই একেলগে ডি এফ অ'কে ধৰি ৩ গৰাকী কৰ্মচাৰীয়ে ঘোচ লৈ হাত দাঙিব লগীয়া হোৱা ঘটনাই এতিয়া তাকেই প্ৰমাণ কৰিছে। বৃহস্পতিবাৰে ধুবুৰীৰ বন বিভাগৰ ডি এফ অ' আৰু আন দুজন কৰ্মচাৰীয়ে কাৰ্যালয়তে ২০ হাজাৰ টকা ঘোচ লোৱাৰ অৱস্থাতে আটক কৰে।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযানৰ কালত হাত দঙা ধুবুৰীৰ বন বিভাগৰ ডি এফ অ’গৰাকীৰ নাম বিনোদ কুমাৰ পায়েং। আনহাতে তেওঁৰ সৈতে একেলগে হাত দাঙিলে কাৰ্যালয়টোৰে জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতান নামৰ দুগৰাকী গ্ৰেড ৱান ফৰেষ্টাৰে।

জানিব পৰা মতে ঘোচ লোৱাটোকেই প্ৰধান দায়িত্ব, কৰ্তব্য হিচাপে লোৱা বন বিভাগৰ এই কেইজন বিষয়া, কৰ্মচাৰীয়ে বালি মহলৰ বাহন এৰি দিয়াৰ নামত দাবী কৰিছিল ঘোচ। এই সন্দৰ্ভত অভিযোগ পোৱাৰ পাছতে আজি অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ তিনিওকে আটক কৰিছে।

যেন হাত দঙাৰহে প্ৰতিযোগিতা ! আকৌ ঘোচলৈ হাত দাঙিলে DFO সহ তিনিজনে...
কোভিড আক্ৰান্ত হ'ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in