বিলাসীপাৰাত পৌৰ কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী:স্মাৰক পত্ৰ প্ৰদান...

বিলাসীপাৰাত পৌৰকৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী:স্মাৰক পত্ৰ প্ৰদান...
বিলাসীপাৰাত পৌৰকৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী:স্মাৰক পত্ৰ প্ৰদান...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ শেহতীয়া অসম চৰকাৰে অভাৱনীয়ভাবে ৰাজ্যৰ পৌৰসভা এলেকাসমূহত কৰ বৃদ্ধি কৰাৰ সিদ্ধান্তক আজি বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাই তীব্ৰ বিৰোধিতা কৰিছে।সন্থাটোৰ সভাপতি পুৰন্দৰ নাথ, কাৰ্যকৰী সভাপতি কল্যাণ চক্ৰবৰ্তীৰ লগতে আন বহুত সদস্যই এক স্মাৰক পত্ৰযোগে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিছা দাসক ক্ৰটীপূৰ্ণ আৰু বৰ্দ্ধিত পৌৰকৰ ধাৰ্যৰ খৰচা তালিকা স্থগিত ৰখাৰ লগতে বৰ্দ্ধিত কৰৰ তীব্ৰ প্ৰতিবাদ জনাই অতি সোনকালে বৰ্দ্ধিত কৰ কাটলৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাবলৈ দাবী জনায়।

উল্লেখ্য যে পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই পৌৰসভাত স্থানীয়ভাবে লোক শুনানি আৰু ৰাজহুৱা ওজৰ -আপত্তি গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল বুলি সন্থাটোৰ সভাপতিগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। আনহাতে অসম চৰকাৰে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ তৎকালে বাতিল কৰি অসম পৌৰসভা আইন ১৯৫৬ক সন্মান জনাই ৰাজহুৱা শুনানি আৰু ওজৰ-আপত্তি গ্ৰহণৰ ব্যবস্থা কৰিবলৈ বিলাসীপাৰা চহৰৰ একাংশ সচেতন নাগৰিকে দাবী জনায়।

উল্লেখ্য যে নীতি নিয়ম বহিৰ্ভূত ভাবে ধনৰ বিনিময়ত গোপন বুজাবুজিৰে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিচা দাসৰ বিৰুদ্ধে বাৰংবাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে চহৰৰ আন আন অঞ্চল যেনে সকলো বজাৰকে ধৰি আবাসিক এলেকা সমূহ পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বিপৰিতে কদৰ্য ৰূপ পৰিলক্ষিত হৈছে। পৌৰপতি মনালিচা দাসে বিলাসীপাৰা পৌৰসভা এলেকাত স্বচ্ছতা অভিযানত ব্যৰ্থ হোৱা বুলি বিলাসীপাৰাৰ সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।

বিলাসীপাৰাত পৌৰকৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী:স্মাৰক পত্ৰ প্ৰদান...
ঢকুৱাখনা সমষ্টি সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তক ১১ দফীয়া দাবী পত্ৰঃ ২৪ সংগঠনৰ নিৰ্বাচন বর্জনৰ হুংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in