/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-20/mk2v3nq5/32.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ বাহাদুৰটাৰীৰ নদী এলেকাত দেওবাৰে পুৱা মাছমৰীয়া এজনৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা নিশা ব্ৰহ্মপুত্ৰৰ কাষৰ নদী এলেকাত বাঁহৰ খুটা পুতি কোনোবাই হত্যা কৰি মৃতদেহটো ওলোমাই ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
মৃতদেহটোক ধুবুৰীৰ বাহাদুৰটাৰীৰ বলোৰাম চৌধুৰী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ধুবুৰী আৰক্ষীক খবৰ কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয় লৈ প্ৰেৰণ কৰে। ইপিনে
এই ঘটনাটো হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত হে ওলাই পৰিব।উল্লেখযোগ্য যে, বাঁহৰ খুটাত চিপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ টোৰ কাষতে এখন সৰু নাও উদ্ধাৰ হৈছে।
Also Read: জ্যোতিকুছিত উদ্ধাৰ বৃদ্ধাৰ নৰকংকাল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us