বিলাসীপাৰা  আদৰ্শ চিকিৎসালয়ত চিটি-স্কেন সেৱাৰ শুভ উদ্বোধন...

ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত সোমবাৰে ৰোগীৰ বাবে চিটিস্কেন সেৱাৰ শুভ উদ্বোধন কৰা হয়। সমজিলাখনৰ সম আয়ুক্ত সৃষ্টি সিং চিটিস্কেন সেৱাৰ শুভ উদ্বোধন কৰে।  

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰা  আদৰ্শ চিকিৎসালয়ত চিটি-স্কেন সেৱাৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত সোমবাৰে ৰোগীৰ বাবে চিটিস্কেন সেৱাৰ শুভ উদ্বোধন কৰা হয়। সমজিলাখনৰ সম আয়ুক্ত সৃষ্টি সিং চিটিস্কেন সেৱাৰ শুভ উদ্বোধন কৰে।  

এই শুভ উদ্বোধন পৰ্ব উপলক্ষে অনুষ্ঠিত সভাত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া নাচিৰ উজ জামানে উদেশ্য ব্যাখ্যা কৰে। এই সভাত বিলাসীপাৰা সম জিলাৰ আয়ক্ত সৃষ্টি সিং, বিলাসীপাৰা আদৰ্শ চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ অখিল কুমাৰ বৰুৱা, এছ ডি এম অ' হেমাংগ দাস, ডাঃ মকাদেচ আলি আহমেদে গঠনমূলক বক্তব্য প্ৰদান কৰে।

 এই অনুষ্ঠানত ডাঃ ৱাহিদুৰ ৰহমান, বিকাশ ডেকা, চাইফুল আলি, ডাঃ আশ্ৰফ আলি, ডাঃ মমৰেজ আলি শেখ, ডাঃ মকাদেছ আলি আহমেদ ( এছ ডি এম অ' সদৰ), চিকিৎসা, নাৰ্ছ, বিভিন্ন কৰ্মী তথা কেইজনমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ৰোগীৰ বাবে এই আদৰ্শ চিকিৎসালয়ত চিটিস্কেন সেৱা মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰক ৰাইজে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই সেৱা বিলাসীপাৰা আদৰ্শ চিকিৎসালয়খনত বিনামূলীয়া ভাবে মুকলি কৰাৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।

বিলাসীপাৰা