/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা। এইবাৰ স্থান ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পাইকাণডাৰা ২য় খণ্ড গাঁও। আৰক্ষীৰ গুলীত আহত হৈছে ৰাণীগঞ্জ বজাৰত গুলীচালনা কৰা ঘটনাৰ মাষ্টাৰমাইণ্ড।
উল্লেখ্য যে, যোৱা ২৬ নৱেম্বৰৰ সন্ধিয়া ৰাণীগঞ্জ বজাৰত সন্ধিয়া তিনিজনীয়া এটা অস্ত্ৰধাৰী দলে এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত কৰিছিল নিৰ্বাচাৰ গুলী বৰ্ষণ। এই গুলী চালনাৰ ঘটনাত ৱাহেদুৰ ৰহমান, ৰতন ৰায়কে ধৰি মুঠ ৩ জন লোক গুৰুতৰভাৱে আহত হৈছিল।
আৰক্ষীৰ তদন্তত এই ঘটনাৰে জড়িত নুৰ কালাম নামৰ ব্যক্তিজন ইতিমধ্যে আটক হৈছে। আটকাধীন নুৰ কালামে গুলী চালনাৰ ঘটনাত ব্যৱহাৰ কৰা অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে নিশা এক অভিযান চলাই।
পাইকানডাৰা ২য় খণ্ড গাঁৱত লুকুৱাই ৰখা এই অস্ত্ৰ উদ্ধাৰৰ বাবে যোৱাৰ সময়তে ধৃত নুৰ কালামে পলায়নৰ চেষ্টা কৰে আৰু সেয়ে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰিছে। আৰক্ষীৰ গুলী লাগিছে নুৰ কালামৰ সোঁ ভৰিত।
ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে নুৰ কালামত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us