/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/jub8v4iy/sapor-29.jpg)
চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে অব্যাহত গণতান্ত্ৰিক প্ৰতিবাদ...
ডিজিটেল সংবাদ চাপৰঃ জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি তথা ঐতিহাসিক চাপৰ নগৰৰ পৰা ৰাজহ চক্ৰ কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্য্যালয় চাপৰৰ পৰা স্থানান্তৰিত কৰাৰ বাতৰি লাভ কৰাৰ পিছত চাপৰত অব্যাহত আছে গণতান্ত্ৰিক আন্দোলন। উল্লেখযোগ্য যে, চৰকাৰে ৰাজ্যৰ ২৭ খন জিলাৰ ৩৬ খন ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তি কৰা প্ৰস্তাৱ গ্ৰহণৰ এক নিৰ্দেশনা পোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/5jrxx77k/8aa95c04-6d5a-4475-99c9-d0bf7ca72e51.jpg)
সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয় বিলুপ্তি কৰা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৃহত্তৰ চাপৰবাসী ৰাইজ। ইতিমধ্যে চাপৰ ঐতিহ্য ৰক্ষা সংগ্ৰাম সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান, বিক্ষোভ কাৰ্যসূচী, জোঁৰ সমদল বাহিৰ কৰাৰ পিছত মঙ্গলবাৰ দিনা ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ উক্ত সিদ্ধান্তৰ বিৰোধিতাৰে বৃহত্তৰ চাপৰ অঞ্চল বন্ধৰ আহ্বান কৰে সংগঠনটোৱে।
উক্ত কাৰ্যসূচীত চাপৰবাসী ৰাইজৰ ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হয়। চাপৰ বজাৰ, ধীৰঘাট বজাৰ, বহলপুৰ, হাতীপোতা, ফলিমাৰী, ৰঙামাটি, চৈবাৰীত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰে। সকলো দোকান, অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-29/qnry0pjh/2ce136ca-c0fe-4746-af65-ad78bfe4da18.jpg)
ইয়াৰ উপৰি চাপৰৰ সকলো চৰকাৰী বে-চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে স্বত:স্ফূৰ্তভাৱে শ্ৰেণী কোঠা বৰ্জন কৰাত বিদ্যালয়সমূহ বন্ধ হৈ পৰে। চাপৰবাসী ৰাইজৰ দাবী যিহেতু চাপৰৰ পৰা বিলাসীপাৰাৰ দুৰুত্ব প্ৰায় ৪০ কিলোমিটাৰ। গতিকে চৰকাৰে সমজিলাৰ নামত চাপৰৰ ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তি নকৰি চাপৰতে বাহাল ৰাখিবলৈ দাবী জনায়।
Also Read: শতকেৰে আহমেদাবাদত স্মৃতিৰ নতুন অভিলেখ...