ধুবুৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ধুবুৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰীত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ বিজ্ঞানসম্মত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

গৰাখহনীয়াৰ কৱলত পৰি নদীত জাহ যোৱা পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ফুলকাটাৰী দলংখনৰ কাম দ্রুতগতিত সম্পূৰ্ণ কৰাৰ দাবীত বৃহস্পতিবাৰে চাৰিঘণ্টীয়া অবস্থান ধর্মঘট কার্যসূচী পালন কৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

তাৰোপৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰাৰ লগতে মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়ে। এইবাৰৰ বাজেটক লৈও তীব্ৰ সমালোচনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ।

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বান, গৰাখহনীয়াৰ বিৰুদ্ধে সংসদত সৰব হোৱাৰ আহ্বান ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

Also Read: হয়, হোমৱৰ্ক কৰি আহিব লাগে...

protest