ৰাজ্যত বিলুপ্ত হ'ব ৩৬টাকৈ ৰাজহ চক্ৰ কাৰ্যালয়! চৰকাৰৰ টোগলকী সিদ্ধান্তৰ বিৰোধিতাৰে চাপৰত বিক্ষোভ

ৰাজ্যত বিলুপ্ত হ'ব ৩৬টাকৈ ৰাজহ চক্ৰ কাৰ্যালয়! চৰকাৰৰ টোগলকী সিদ্ধান্তৰ বিৰোধিতাৰে চাপৰত বিক্ষোভ

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বিলুপ্ত হ'ব ৩৬টাকৈ ৰাজহ চক্ৰ কাৰ্যালয়! চৰকাৰৰ টোগলকী সিদ্ধান্তৰ বিৰোধিতাৰে চাপৰত বিক্ষোভ

ডিজিটেল সংবাদ,চাপৰঃ ৰাজ্যৰ ২৭খন জিলাৰ ৩৬টা ৰাজহ চক্ৰৰ কাৰ্যালয় হ'ব পাৰে বিলুপ্ত ! এতিয়াৰ পৰা হ‘ব সম জিলাত হ'ব ৰাজহ চক্ৰ বিষয়াৰ কাম-কাজ। বিলুপ্তি ঘটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত এটা হৈছে ধুবুৰীৰ জিলাৰ চাপৰ। চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিলুপ্তি ঘটাই বিলাসীপাৰা লৈ নিয়া যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বৃহত্তৰ চাপৰবাসী।

Advertisment

চাপৰৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ চাপৰৰ গান্ধী ময়দানত হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে দুঘন্টীয়া অৱস্থন বিক্ষোভ কাৰ্যসূচী পালন কৰে। চাপৰ ঐতিহ্য ৰক্ষা সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত দুঘন্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে বিলাসীপাৰা সম জিলা ঘোষণা হোৱাৰ পিছতেই চাপৰ নগৰৰ মাজমজিয়াত থকা বহুকেইটা চৰকাৰী কাৰ্যালয় বন্ধ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এনে টোগলকী সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সমান্তৰালকৈ চাপৰত ধাৰাবাহিকভাৱে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগঠনসমূহৰ লগতে চাপৰবাসীয়ে ৰাইজে।

ৰাইজৰ দাবী জন নেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি চাপৰক উপেক্ষিত কৰা কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। জন নেতা গৰাকীৰ স্মৃতি বিজড়িত ৰাজহ চক্ৰৰ তথা কাৰ্যালয় সমূহ বন্ধ কৰা নচলিব বুলি সজোৰে দাবী উত্থাপন কৰে। চৰকাৰে চাপৰবাসী ৰাইজৰ দাবী মানি নল'লে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে চাপৰ ঐতিহ্য ৰক্ষা সংগ্ৰাম সমিতিয়ে।

Also Read: বিহপুৰীয়াত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ মৃত্যু: শোকস্তব্ধ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়...

CHAPAR PROTEST