প্ৰতিবাদলৈ ভয়ঃ চাপৰত কংগ্ৰেছ কৰ্মী বিচাৰি আৰক্ষীৰ নাকা চেকিং...

ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে আজি গুৱাহাটীত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চাপৰৰ পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মীসকলক আটক কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদলৈ ভয়ঃ চাপৰত কংগ্ৰেছ কৰ্মী বিচাৰি আৰক্ষীৰ নাকা চেকিং...

ডিজিটেল সংবাদ ধুবুৰীঃ ''অসম আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ যি ভূমিকা গ্ৰহণ কৰিছে, সেই ভূমিকা যদি সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তসকলক আটক কৰাৰ ক্ষেত্ৰত ল'লে হয় তেন্তে আক্ৰমণকাৰী দুৰ্বৃত্তসকল ইতিমধ্যে ৰঙা ঘৰৰ আলহী হ'ল হেঁতেন।''

Advertisment

এই ক্ষোভ চাপৰত আটক হোৱা কংগ্ৰেছীৰ। আজি ক্ষোভিত কংগ্ৰেছকৰ্মীসকলে অসম আৰক্ষী ৰাইজৰ পৰিৰ্বতে বিজেপিৰ বি টিম হিচাপে কাম কৰাৰ অভিযোগ কৰিছে।

উল্লেখযোগ্য যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চাপৰৰ পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মীসকলক আটক কৰে চাপৰ আৰক্ষীয়ে। চাপৰ আৰক্ষীয়ে আটক কৰা কৰ্মীসকলৰ ভিতৰত আছে ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আষাদ আলী, ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাফিউৰ জামান, কংগ্ৰেছ কৰ্মী আলতাপ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল হক, NSUI ৰ ৰাজ্যিক সম্পাদক আজহাৰ মাহমুদকে ধৰি মুঠ ২০ জনকৈ কংগ্ৰেছৰ কৰ্মীক আৰক্ষীয়ে আটক কৰে। 

আৰক্ষীৰ উক্ত কাণ্ডত খৰ্গহস্ত হৈ কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কটাক্ষ কৰে। উপায়ন্তৰ হৈ আটকাধীন কংগ্ৰেছ কৰ্মীসকলে থানা চৌহদত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। অসম চৰকাৰৰ হায় হায়, অসম আৰক্ষী মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

কংগ্ৰেছ কৰ্মীসকলৰ দাবী অতি শীঘ্ৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অৱশেষত প্ৰায় ৮ ঘন্টাৰ পিছত দণ্ডাদীশৰ উপস্থিতিত আটকাধীন কংগ্ৰেছ কৰ্মীসকলক এৰি দিয়ে আৰক্ষীয়ে।

কংগ্ৰেছ চাপৰ অসম আৰক্ষী