বিলাসীপাৰাত সুলভ হৈ পৰিছে কেলচিয়াম কাৰ্বাইডযুক্ত ফল-মূল

কুম্ভকৰ্ণ নিদ্ৰাত খাদ্য সুৰক্ষা বিভাগ
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,ধুবুৰী : বিলাসীপাৰা পৌৰসভা এলেকাত থকা মূল চ'ক বজাৰকে ধৰি চহৰখনৰ বিভিন্ন অঞ্চলৰ পদপথত বিক্ৰী কৰি থকা আৰ্ছেনিকযুক্ত বিভিন্ন ফল-মূলে জনসমাজৰ প্ৰতি বেয়াকৈ বিপদ মাতি আনিছে। উল্লেখ্য যে চহৰখনৰ ফল-মূলৰ একাংশ ব্যৱসায়ীয়ে কেঁচা আম, কল, অমিতা আদি বিভিন্ন ফল সোনকালে পকাবলৈ কেলচিয়াম কাৰ্বাইড নামৰ এবিধ ৰাসায়নিক দ্ৰব্য দীৰ্ঘদিনৰ পৰাই প্ৰয়োগ কৰি থকা পৰিলক্ষিত হৈছে।

বিলাসীপাৰা চহৰৰ মাজমজিয়া তথা পুৰণি কোকৰাঝাৰ বাস আস্থানৰ ওচৰত থকা আবাসিক এলেকাৰ প্ৰায়বোৰ গৃহস্থৰ ঘৰ ভাৰা লৈ চৰাঞ্চলৰ পৰা অহা বেপাৰীয়ে এনে নিষিদ্ধ তথা বে-আআইনী কাম-কাজ চলাই আছে। ন্যূনতম কেলচিয়াম কাৰ্বাইডৰ পৰা ওলোৱা এক বিশেষ গেছেৰে পকোৱা ফল মানৱ শৰীৰ বাবে ক্ষতিকাৰক।

অভিযোগ মতে আজিলৈ বিলাসীপাৰা মহকুমা খাদ্য সুৰক্ষা বিভাগে বিলাসীপাৰাকে ধৰি উপজিলাখনৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰা ফল-মূলৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ লোৱা দেখা নাই ৰাইজে। ফলত স্বাভাৱিকভাৱেই জনজীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ এই বিষয়টোক লৈ স্থানীয় খাদ্য সুৰক্ষা বিভাগ বছৰ বছৰ ধৰি কুম্ভকৰ্ণৰ নিদ্ৰাত দিন আৰু ৰাতি যাপন কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখনীয় যে বিষয়টোক লৈ দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজনিত আবেদন এখন গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই ফল-মূলত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰি নিয়ন্ত্ৰণ কৰিবলৈ নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ এক নিৰ্দেশনা জাৰি কৰিছিল। আনহাতে মহকুমাখনৰ খাদ্য সুৰক্ষা বিভাগৰ লগতে স্বাস্থ্য বিভাগেও নিৰ্লিপ্ত হৈ বহি আছে।

বিলাসীপাৰা চহৰৰ স্থানীয় চ'ক বজাৰত কিছু অসাধু ব্যৱসায়ীয়ে মহকুমা প্ৰশাসনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিৰ্লিপ্ত হৈ বহি থকাৰ বাবে বহিঃৰাজ্যৰ পৰা ভেজাল সৰিয়হৰ তেল গ্ৰাহকৰ ওচৰত অধিক মূল্যত বিক্ৰ কৰি ধন ঘটি থকা পৰিলক্ষিত হৈছে। বিলাসীপাৰাত চ'ক বজাৰত অৱস্থিত গাখীৰ বজাৰত চহৰ তথা চৰাঞ্চলৰ পৰা অহা অসাধু গাখীৰ বিক্ৰেতাই সস্তীয়া আৰু কম মূল্যৰ গাখীৰত ভেজাল কৰাৰ ঘটনাও পোহৰলৈ আহিছে।

জানিব পৰা মতে গাখীৰত পাউডাৰৰ লগত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি কৃত্ৰিম গাখীৰ প্ৰস্তুত কৰি মুকলিভাৱে বিক্ৰী কৰা কাৰ্যই একাংশ সচেতন মহলক হতবাক কৰি তুলিছে। পৰিতাপৰ বিষয় যে বিলাসীপাৰা মহকুমাখনৰ মহকুমা খাদ্য সুৰক্ষা বিভাগৰ লগতে স্বাস্থ্য বিভাগেও যুগ যুগ ধৰি নিৰ্লিপ্ত হৈ থকাৰ বাবে এচাম অসাধু ব্যৱসায়ী এইদৰে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি কৃত্ৰিম গাখীৰ প্ৰস্তুত কৰি বজাৰখনত মুকলিকৈ বিক্ৰী কৰা কাৰ্যই স্থানীয় সাধৰণ লোকক হতবাক কৰি তুলিছে ।

প্ৰতিনিধিত্বমূলক ফটো
১০দিনে সন্ধান নাই ঢেকিয়াজুলিৰ বোৱাৰী বৰষা দৈমাৰী ৰাভাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in