ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

আজি এই চিকিৎসা আৰু স্বাস্থ্য শিবিৰটি শুভ উদ্বোধন কৰে সীমান্ত সুৰক্ষা বাহিনীৰ দ্বিতীয় অধিনায়ক সুৰেশ পাণ্ডে

author-image
Asomiya Pratidin
New Update
ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিবিৰ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিয়ালদহত ১৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। গোলকগঞ্জ সীমান্তৰ পাটামাৰী এম ভি স্কুল প্ৰাগংনত ১৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট সতিন্দ্ৰাৰা গিৰিৰ নেতৃত্বত বুধবাৰে চিকিৎসা আৰু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷

আজি এই চিকিৎসা আৰু স্বাস্থ্য শিবিৰটি শুভ উদ্বোধন কৰে সীমান্ত সুৰক্ষা বাহিনীৰ দ্বিতীয় অধিনায়ক সুৰেশ পাণ্ডে। সীমান্ত অঞ্চলত বসবাস কৰা প্ৰায় ৩৫০ গৰাকী গাঁৱবাসীক বিনামূলীয়াকৈ চিকিৎসা আৰু স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীকৈ দৰৱ বিতৰণ কৰাৰ লগতে দিবাংগৰ মাজত ১০খন ওৱাকাৰ(walker) আদি বিতৰণ কৰা হয়।

অনুষ্ঠানত সীমান্ত সুৰক্ষা বাহিনীৰ লগতে অঞ্চলটোৰ ভালেমান পুৰুষ মহিলাকে ধৰি টাকামাৰী ,ভোগদহ,পাটামাৰী,দিঘলটাৰী পাৰ্ট-১,পাটামাৰীপাৰ্ট-২,সস্ত্ৰঘাট,আবুলচৰ আদি অঞ্চলৰ স্থানীয় লোক আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

Also Read: গন্ধকৰৈ ছহিদ কুশল কোঁৱৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

border security force health camp