/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/9kix64rq/DHUBRI-26.jpg)
ধুবুৰীৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট দুটি শিশুক উদ্ধাৰঃ পুৱা পুনৰ চলিব উদ্ধাৰ অভিযান...
ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ পশ্চিম বিলাসীপাৰাৰ কাউনবাৰীৰ টিপকাই নদীত দুৰ্ঘটনাত পতিত হোৱা বিবাহ যাত্ৰী কঢ়িওৱা নাওখনত আছিল মুঠ ৩৪ জন যাত্ৰী। প্ৰাৰম্ভিক খবৰ অনুসৰি ৫ টাকৈ শিশুৰ লগতে কেইবাজনো যাত্ৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল যদিও শেহতীয়া তথ্য অনুসৰি এই দুৰ্ঘটনাত তিনিটাকৈ শিশু নিৰুদ্দেশ হৈছে।
ইয়াৰে নিৰুদ্দিষ্ট দুই শিশুক নদীৰ পাৰৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ থকাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে নুৰ আকতাৰা নামৰ ৩ বছৰীয়া এটি শিশু। বাকী সকলো যাত্ৰী সুকলমে আছে।
অৱশ্যে কেইবাজনো যাত্ৰী আহত হৈছে। জানিব পৰা মতে উদ্ধাৰকাৰীয়ে ইতিমধ্যে বিবাহযাত্ৰী কঢ়িওৱা নাওখন পানীৰ পৰা উদ্ধাৰ কৰিছে। এছ ডি আৰ এফ বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযান নিশাৰ অন্ধকাৰৰ বাবে আজিলৈ অন্ত পেলাইছে।
পুৱা সূৰ্যোদয়ৰ পাছত পুনৰ নিৰুদ্দিষ্ট শিশুটিৰ সন্ধানত অভিযান চলাব। উল্লেখ্য যে, বিবাহযাত্ৰী কঢ়িওৱা এই নাওখনে এখো ৰোলাৰ কঢ়িয়াই নিয়া দুখন নাৱত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
Also Read: ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ টা শিশুসহ বহু কেইজন নিৰুদ্দেশ হোৱাৰ খবৰ...