ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাঃ কথমপি প্ৰাণ ৰক্ষা শতাধিক যাত্ৰীৰ...

ধুবুৰী জিলাৰ চালবান্দা চৰৰ ব্ৰহ্মপুত্ৰত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। শতাধিক যাত্ৰীসহ নাও ডুব যাবলৈ ধৰোঁতেই যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাঃ  কথমপি প্ৰাণ ৰক্ষা শতাধিক যাত্ৰীৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ চালবান্দা চৰৰ ব্ৰহ্মপুত্ৰত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। শতাধিক যাত্ৰীসহ নাও ডুব যাবলৈ ধৰোঁতেই যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Advertisment

জানিব পৰা মতে আজি বিয়লি ধুবুৰীৰ পাৰ ঘাটৰ পৰা চালবান্দা চৰলৈ যাত্ৰা কৰে এখন যাত্ৰীবাহী ইঞ্জিন চলিত নাও। কিন্তু যাত্ৰীবাহী নাওখনত অতিৰিক্ত ভাবে সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত চালবান্দা চৰ পাৰ ঘাট পোৱাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যাবলৈ ধৰে নাওখন।

লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় নাওখনত। পিছত নাৱৰীয়াই ততাতৈয়াকৈ নাওখন ওচৰৰ চৰ এখনলৈ চপাই দিয়াত যাত্ৰীসকলে নাও খনৰ পৰা নামি পাৰলৈ যায়। ফলত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰায় শতাধিক যাত্ৰীৰ।

ইপিনে বৃহৎ পৰিমাণৰ বিভিন্ন সামগ্ৰী সহ নাওখন ডুব যাবলৈ ধৰাৰ সময়তে একাংশ ৰাইজে নাওখন টানি পাৰলৈ নিয়াৰ চেষ্টা কৰে। যদিও ব্যৰ্থ হয়।

নাও দুৰ্ঘটনা ব্ৰহ্মপুত্ৰ