ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা ক্ৰমান্বয়ে অপৰাধীৰ ঘাটিত পৰিণত হৈছে। বিলাসীপাৰা ৰাজহ চক্ৰৰ বিভিন্ন এলেকাত অপৰাধীয়ে বহুসংখ্যক অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে যদিও অপৰাধী চক্ৰক উৎখাত কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন।
বিগত এটা বছৰৰ ভিতৰত বিলাসীপাৰা ৰাজহ চক্ৰৰ বিভিন্ন এলেকাত বহু ভয়ানক ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষী বিভাগে শিক্ষা নোলোৱাৰ পৰিণতিতে মঙ্গলবাৰে পুনৰাই ৰাণীগঞ্জ বজাৰত থকা চি এছ পি চেণ্টাৰত দিনদুপৰতে নিৰ্বিচাৰ গুলীচালনা সংঘটিত হয়। এই ঘটনাত দুজন যুৱক ক্ৰমে ৰতন বৰ্মন আৰু আবেইদুৰ ৰহমান গুলীবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিলাসীপাৰাৰ বাঘমাৰিত দুৰ্ষ্কৃতিকাৰীয়ে স্বামী-স্ত্ৰীক নৃশংসভাৱে হত্যা কৰা, কুৰ্শাকাটিত (ৰানীগঞ্জ) স্বামী-স্ত্ৰীক ডিঙি ৰেপি হত্যা কৰা, বিলাসীপাৰাৰ ৱাসেৰ আলি নামৰ এজন ব্যক্তিক শুই থকা অৱস্থাতে গুলীয়াই হত্যা কৰা, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদৰ নিজগৃহৰ পৰা প্ৰায় ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আততায়ীয়ে যুৱক এজনক পিষ্টলৰে মূৰত আঘাত কৰি শূণ্যলৈ গুলীচালনা কৰা, শালকোচা বজাৰত প্ৰভাতি সূত্ৰধৰ নামৰ মহিলাগৰাকীক ভৰিত গুলীওৱা আদিকে ধৰি বহু ঘটনাৰ পিছত মঙ্গলবাৰে ৰাণীগঞ্জ বজাৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়।
এটাৰ পিছত এটাকৈ সংঘটিত হোৱা ঘটনাবোৰৰ বাবে সাধাৰণ জনতাৰ নিদ্ৰাহৰণ হৈছে আৰু বহু ঠাইত ছেগাচৰোকাকৈ স্থানীয় জনতাই নিজাববীয়াকৈ পহৰাৰো ব্যৱস্থা কৰিছে যদিও দুৰ্ষ্কৃতিকাৰীৰ উপদ্ৰৱ কমা নাই। ধুবুৰী জিলাত দিনকদিনে দুৰ্ষ্কাৰ্যমূলক ঘটনা বাঢ়িয়েই আছে।
গৰুচোৰ, ঘৰৰ বয়বস্তু চোৰ, পানীতোলা মেচিনৰ পৰা দমকললৈকে চোৰে চোৰ কৰি নিয়া কাৰ্যৰ ফলত এতিয়া জনতা ঘৰ এৰি ক’লৈকো যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰোপৰি নিশা হলেই মাৰণাস্ত্ৰধাৰীৰ ভয়ত কঁপি থাকে সাধাৰণ জনতা।
অঞ্চলটোত পুলিচ পেট্ৰ’লিং নাই বুলিবই পাৰি আৰু সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, মহকুমা সদৰ বিষয়াৰ দক্ষতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বিলাসীপাৰাৰ স্থানীয় ৰাইজে বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনত ব্যাপক সালসলনিৰ কামনা কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জিৱেশ ৰায়ৰ নিজ গাঁও শাশাৰগাঁৱৰ পৰা আৰম্ভ কৰি ৰাণীগঞ্জ, কুৰ্শাকাটি, শালকোচালৈ নিৰাপত্তাহীনতা ভূগি থকা জনসাধাৰণে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ পোষকতা কৰিছে।
ইপিনে আজি স্থানীয় জনতা আৰু বিভিন্ন দল সংগঠনে মঙ্গলবাৰৰ গুলীচালনা ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ হৈ ৰাণীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰি আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। অঞ্চলটোৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে বিভিন্ন দল-সংগঠনে।