/asomiyapratidin/media/media_files/2025/01/31/rQNLJIbxdKocsFsbJs95.jpg)
ডিজিটেল ডেস্কঃ ''মহাবিদ্যালয়সমূহৰ বাবে গ্ৰন্থাগাৰ এক সম্পদ। সেই সম্পদ সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰি উপযুক্ত মানৱ সম্পদ গঢ়িবলৈ আমি উদ্যোগ ল’ব লাগে।''- অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী সামৰিণ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই বক্তব্য ৰাখে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।
উল্লেখ্য যে, বিলাসীপাৰা মহাবিদ্যালয়ত ৩০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ সামৰিণি অনুষ্ঠান আৰু ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন। এই অধিবেশনৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় সমাজ বিজ্ঞান গৱেষাণা পৰিষদৰ পৃষ্ঠপোষকতাত নৃকুল গ্ৰন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়।
পুৱা ১০ বজাৰ পৰা বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিশ্বজিৎ বিশ্বাসৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰখন উদ্বোধন কৰে নেচনেল কাউঞ্চিল অৱ টিছাৰ এড্যুকেছনৰ ইষ্টাৰ্ণ ৰিজিঅ'নেল কমিটীৰ অধ্যক্ষ ড০ দিব্যজ্যোতি মহন্তই। তাৰোপৰি এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমবাণীৰ সম্পাদক দীলিপ চন্দন।
অনুষ্ঠানত বিলাসীপাৰাৰ সম জিলাৰ সহ আয়ুক্ত সৃষ্টি সিং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন ড০ নৰেন্দ্ৰ লহকৰ, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গ্ৰন্থাগাৰীক ওমা শংকৰ দেৱ নাথ, বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ বিনোদ সিংঘী আদিও উপস্থিত থাকে। এই অনুষ্ঠানতে জয়ন্ত বৰুৱাই বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ লোকৰ সমন্বয়ৰ স্থলী বিলাসীপাৰত অসম গ্ৰন্থাগাৰীক সংস্থাৰ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত বিলাসীপাৰা মহাবিদ্যালয়ে লোৱা ভূমিকাক শলাগ লয়।
এই অনুষ্ঠানত 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশেৰে দৃষ্টিহীনসকলক দৃষ্টিদান কৰাৰ বাবে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী সমাৰোহত জয়ন্ত বৰুৱাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা 'অসমবাণী'ৰ সম্পাদক দিলীপ চন্দনে এই কাৰ্যক মণিকাঞ্চন সংযোগ আখ্যা দিয়ে।
তেওঁ কয়, 'গ্ৰন্থাগাৰিকসকলে গ্ৰন্থসমূহ সুৰক্ষিত আৰু শৃংখলাবদ্ধভাৱে ৰাখে। তেনে এক গ্ৰন্থাগাৰিকৰ মঞ্চত জয়ন্ত বৰুৱাৰ দৰে এগৰাকী ব্যক্তিক এই সন্মান জনোৱাতো মণিকাঞ্চন সংযোগৰ দৰেই হৈছে।' তাৰোপৰি তেওঁ জয়ন্ত বৰুৱাই গ্ৰহণ কৰা উদ্যোক ভূয়সী প্ৰশংসা কৰাৰ লগতে শলাগ লয়।
ইফালে নিজৰ ভাষণত জয়ন্ত বৰুৱাই প্ৰযুক্তিৰ উত্তৰণৰ সময়তো ছপা গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত ভাষণত কয়, ''আধুনিক প্ৰযুক্তিৰ জৰিয়তে বহু পৰিবৰ্তন সাধন হলেও এখন ছপা কিতাপ হাতত লৈ পঢ়াৰ মাদকতা আনে দিব নোৱাৰে। মহাবিদ্যালয়সমূহৰ বাবে গ্ৰন্থাগাৰ মহাবিদ্যালয়খনৰ বাবে এক সম্পদ। সেই সম্পদ সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰি উপযুক্ত মানৱ সম্পদ গঢ়িবলৈ আমি উদ্যোগ ল’ব লাগে।''
তেওঁ ই-লাইব্ৰেৰীৰ ধাৰণা বিকাশ হোৱাৰ সময়তো পৰম্পৰাগত লাইব্ৰেৰীৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। এই প্ৰসংগত বৰুৱাই কয়, ''এতিয়া গ্ৰন্থৰ স্বৰূপো সলনি হৈছে। লাইব্ৰেৰীসমূহত আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ পৰিছে। ই-লাইব্ৰেৰীৰ ধাৰণাই দেখ দেখ এটা লাইব্ৰেৰীৰ দৰে নেটৱৰ্কো গঢ়ি তুলিছে। সেইবোৰ আমাক লাগিব। তাৰ সমান্তৰালকৈ আমাক লাগিব কিতাপে ঠাহ খাই থকা সেই গ্ৰন্থাগাৰবোৰ য’ত স্বত্বঃস্ফুৰ্তঃ ভাৱে এক বৌদ্ধিক পৰিবেশ ৰচনা হয়। প্ৰযুক্তিয়ে আমাক বহু বিকল্প পথৰ সন্ধান দিলেও জ্ঞান আৰু তথ্যৰ সঠিক তথা শুদ্ধতাৰ বাবে গ্ৰন্থাগাৰৰ বিকল্প একো হব নোৱাৰে।''
তেওঁ ছাত্ৰ-ছাত্ৰীৰ জ্ঞান অন্বেষণত গ্ৰন্থাগাৰৰ ভূমিকাৰ কথা ক'বলৈ গৈ কয়, ''ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াত এই পুথি ভঁৰালে প্ৰজন্মৰ পাছত প্ৰজন্মধৰি জ্ঞান বিলাই আহিছে। ইয়াক সু-সংগঠিত কৰি প্ৰণালীবদ্ধ ভাৱে গ্ৰন্থাগাৰ সকলে ৰাখে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক সেই জ্ঞান অন্বেষণত সহায় কৰে। তেওঁলোক মানৱ সম্পদ গঢ়াৰ অন্যমত খনিকৰ।''
''গতিকে মই সেই গুৰুত্বপূৰ্ণ দায়িত্বত থকা গ্ৰন্থাগাৰিসকলক অভিনন্দন জনাই আহ্বান জনাম, আপোনালোকে এই দায়িত্ব সঠিকভাৱে পালন কৰি গ্ৰন্থ আন্দোলনৰ অন্যতম কেন্দ্ৰবিন্দু ৰূপে মহাবিদ্যালয়সমূহৰ গ্ৰন্থাগাৰসমূহক গঢ়ি তোলক। এই প্ৰয়াসে জাতিক সমৃদ্ধ কৰিব, ভাষাৰ বুনিয়াদ গঢ়িব আৰু উপযুক্ত মানৱ সম্পদ গঢ়াত সহায়ক হ’ব।''- বৰুৱাই কয় এইদৰে।
আনহাতে অসমীয়া ভাষাই ধ্ৰপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰি ভাষাটোক সঠিকভাৱে অধ্যয়নৰ ক্ষেত্ৰত দৃষ্টিহীনসকলে যি সমস্যাৰ সন্মুখীন হৈ আহিছিল সেই সমস্যা কিদূৰে দূৰ হৈছে সেই কথাও উল্লেখ কৰে। তেওঁ কয়, ''আপোনালোকে জানে মোৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হেমকোষ প্ৰণয়ন কৰিছিল। সেই হেমকোষৰ ব্ৰেইল সংস্কৰণ আমি প্ৰকাশ কৰি বিনামূলীয়াকৈ বিভিন্ন শিক্ষানুষ্ঠানৰ গ্ৰন্থাগাৰসমূহক দান দিছো। দিল্লীৰ নেচনেল লাইব্ৰেৰীতো এই হেমকোষ উপলব্ধ।''
''হেমকোষৰ ব্ৰেইল সংস্কৰণে বিশ্ব অভিলেখ গঢ়িছে। সেই অভিলেখতকৈ ভাল লগা কথাটো হ’ল দৃষ্টিহীনসকলক তেওঁলোকৰ বহু দিনীয়া এক অভাৱ এনেদৰে পূৰণ কৰিবলৈ সুযোগ লাভ কৰাতো। আমাৰ এই প্ৰয়াসে দৃষ্টিহীনসকলক অসমীয়া ভাষাটোক সঠিকভাৱে অধ্যয়ন কৰাত সহায় কৰিছে। সেই প্ৰয়াস আমি অনাগত দিনবোৰতো অব্যাহত ৰাখিব বিচাৰো। ইতিমধ্যে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰো ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰা হৈছে।''
উল্লেখ্য, ৩০ জানুৱাৰীৰ পৰা ৩ দিনিয়াকৈ অনুষ্ঠিত হোৱাঅসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী সমাৰণি অনুষ্ঠান অন্ত পৰিব ১ ফেব্ৰুৱাৰীত।