বিলাসীপাৰা মহকুমা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

বিলাসীপাৰা মহকুমা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, ধুবুৰীঃ শুকুৰবাৰে পুৱা ধুবুৰীৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ খুদিগাঁও ২য়খণ্ড গাঁৱত বিলাসীপাৰা মহকুমা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাত উচ্ছেদ অভিযান চলায়। প্ৰায় ১৯০ টা পৰিয়ালে দখল কৰি থকা ১০০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে বৃহৎ উচ্ছেদ অভিযান চলায়।

উল্লেখ্য যে যোৱা কেইবছৰ পূৰ্বে অসম চৰকাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক উক্ত গাঁৱখনত ১০০০ বিঘা ম্যাদী মাটি আবণ্টন দিছিল। এই মাটি সামৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে অতিশীঘ্ৰই ৭০ মেগা ৱাট সম্পন্ন সৌৰশক্তি উৎপাদন প্ৰকল্প আৰম্ভ কৰিব বুলি বিলাসীপাৰা মহকুমাধিপতি মনুৰঞ্জন পায়েং জনায়।

যাৰ বাবে এই উচ্ছেদ চলে। উক্ত গাঁওখনৰ ১০০০ বিঘা ভূমি দখল কৰি থকা প্ৰায় ১৯০ টা পৰিয়ালক বিলাসীপাৰা মহকুমা প্ৰশাসনে আগতে কোনধৰণৰ জাননী নিদিয়াকৈ আজি এই যুদ্ধকালিন তৎপৰতাত উচ্ছেদ অভিযান চলোৱাৰ বাবে পৰিয়ালকৈইটা ক্ষুদ্ধ হৈ পৰে। আনহাতে গৃহহীন হোৱা পৰিয়ালকেইটাক প্ৰয়োজন অনুসৰি তেওঁলোকক সংস্থাপন কৰি দিব বুলি বিলাসীপাৰা মহকুমাধিপতি মনুৰঞ্জন পায়েঙে জনায়।

বিলাসীপাৰা মহকুমা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
আলফা শান্তি চুক্তিঃ অসমৰ বাবে আৰ্থিক পেকেজ, বিকাশ, খিলঞ্জীয়াৰ সুৰক্ষা আদি সামৰি ল'ব চুক্তিখনে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in