/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/o1hbxgxa/AP FOR WEB dhuburi.jpg)
ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মহকুমা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে পানবাৰীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থাকে।
এই বিদ্যালয় ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্যটো হৈছে, অৰ্থ-সামাজিক দিশত দুৰ্বল পৰিয়ালৰ (বিশেষকৈ গ্ৰামাঞ্চলৰ) তীক্ষ্ণ মেধাসম্পন্ন শিশুসকলক বাচনি কৰি আনি এক বিশ্বমানৰ পৰিৱেশত ৰাখি তেওঁলোকক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা। সজাগতা সভাৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ধুবুৰী, মানকাচৰ আৰু দক্ষিণ শালমাৰা জিলাৰ স্থায়ী বাসিন্দা তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে নৱোদয় বিদ্যালয়ে অনলাইনযোগে প্ৰপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
অহা ১৬ ছেপ্টেম্বৰ লৈকে উক্ত প্ৰ-পত্ৰ অনলাইন কৰিব পাৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে নিজৰ সন্তানক জৱাহৰ নৱোদয় বাচনি পৰীক্ষাত বহিবলৈ www.navodoya.gov.in অনলাইনযোগে বাচনি পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/92qi4voz/66ac4c93-3ba1-4503-8dc0-4a8a56058ec4.jpg)
ছাত্ৰ-ছাত্ৰীসকলৰ বয়সৰ সীমা ০১/০৫/২০১৩ ৰ পৰা ০১/০৭/২০১৫ ৰ ভিতৰত হ'ব লাগিব বুলি জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰীসকল যিকোনো চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়নৰত হ'ব লাগিব।