ধুবুৰীত নতুন আইন সন্দৰ্ভত সজাগতা সভা

ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নতুন আইন সন্দৰ্ভত সজাগতা সভা

author-image
Asomiya Pratidin
New Update
ধুবুৰীত নতুন আইন সন্দৰ্ভত সজাগতা সভা

ডিজিটেল সংবাদ, ধুবুৰী: শনিবাৰে ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ সহযোগত দেশত শেহতীয়াকৈ নতুনকৈ গৃহীত আৰু চলিত বৰ্ষৰ ১ জুলাইৰ পৰা বলৱৎ হোৱা তিনিটাকৈ নতুন আইনৰ বিষয়ে সাংবাদিক সকলৰ মাজত সজাগতা বৃদ্ধি কৰি তোলাৰ অৰ্থে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাত তিনিখন নতুন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰা হয়।

Advertisment

এই আলোচনা সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ পবন কুমাৰ কলিতা, এম এ চি টি ৰ সদস্যা পলি কটকী, ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব আছমা ৰহমান, ন্যায়িক দণ্ডাধীশ সম্ৰাট জ্যোতি বৰা আৰু বিদেশী ন্যায়াধিকৰণৰ সদস্য আৰু সদস্যাৰ লগতে মুখ্য আইনী সহায়ক, উপ আৰু সহকাৰী আইনী সহায়কৰ লগতে ধুবুৰী জিলা বার্তাজীৱী সংঘ আৰু ধুবুৰী প্ৰেছ ক্লাৱৰ সদস্য সকল উপস্থিত থাকে।

সভাত এম এ চি টি ৰ সদস্যা পলি কটকী, ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব আছমা ৰহমানে নতুন আইন তিনিখনৰ ওপৰত বিশদ ভাৱে আলোকপাত কৰে। শেষত ধুবুৰী জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ পবন কুমাৰ কলিতাই নতুন সংশোধিত আইনৰ ওপৰত মূল্যৱান ভাষণ আগৱঢ়াই সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সভাত উপস্থিত সকলোকে ধন্যবাদ জনাই সভাখন ভংগ কৰে।

Also Read: নৰৱেৰ বিজ্ঞানী দলৰ অসমৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন

dhubri news dhubri administration