মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠানঃ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন

সত্ৰানুষ্ঠানসমূহৰ সজ্জনসকলক সাহিত্য সভাৰ পৰিধিলৈ আনি সাহিত্য সভাক সৱল শক্তিমান কৰিবলৈ বাবেই সত্ৰানুষ্ঠানসমূহত শাখা সাহিত্য সভা গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।''

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠানঃ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন

ডিজিটেল সংবাদ ধুবুৰীঃ ''সজ্জনসকলৰ সান্নিধ্যত অসম সাহিত্য সভা সমৃদ্ধ হ'ব লাগিব, সৎ চিন্তা চৰ্চাৰে ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ বাবে সদায় কাম কৰি থকা সত্ৰানুষ্ঠানসমূহ আমাৰ সামাজিক জীৱনৰ অবিচ্ছেদ্য অংগ। এই সত্ৰানুষ্ঠানসমূহৰ সজ্জনসকলক সাহিত্য সভাৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰাসংগিক। এই প্ৰাসংগিক চিন্তাৰে সাহিত্য সভাৰ সৱল শক্তিমান কৰিবৰ বাবেই সত্ৰানুষ্ঠানসমূহত শাখা সাহিত্য সভা গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।''

Advertisment

পশ্চিম বংগৰ কোচ বিহাৰস্থিত মধুপুৰ ধাম সত্ৰত আজি অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচীৰ মন জুৰুৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। ভাষণ প্ৰসংগত বৰাই লগতে কয় যে, শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত অসম সাহিত্য সভাৰ শাখা গঠন কৰি অসম সাহিত্য সভা আজি ধন্য হৈছে। এই শাখা গঠন প্ৰক্ৰিয়াই পশ্চিম বংগ আৰু অসম তথা মধুপুৰ ধাম সত্ৰ আৰু অসম সাহিত্য সভাৰ লগত শাখাৰ যোগে দি সমন্বয়ৰ সেতুবন্ধ হৈ থাকিব।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ মহাপ্ৰয়াণৰ স্থানত এটা শাখা গঠন কৰি  বৰ অসমৰ বৃহৎ ধাৰণাটোক সাকাৰ ৰূপত আগুৱাই নিবলৈ আমি সকলোৱে যত্নপৰ হোৱাৰ সময় সমাগত বুলি মন্তব্য কৰে।

অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্প উপসমিতিৰ সঞ্চালক হৃদয়ানন্দ গগৈ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমলা ৰায় সৰকাৰ, জিলা কাৰ্যনিৰ্বাহক সদস্যা বাণী বৰুৱা, ধুবুৰীৰ গোলকগঞ্জ শাখা সাহিত্য সভাৰ অশোক কুমাৰ শৰ্মা, সাহিত্য অনুৰক্ত নিকুমনী ৰাজখোৱা, ৰুমী বৈৰাগী বৰা, অনুভূতি ৰাজখোৱা, বিষ্ণুজ্ঞান ৰাজখোৱা, নৈবেদ্য নিয়ৰ কাশ্যপ প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ৰায় ভকতক সভাপতি, ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্তক সম্পাদক, শ্ৰীশ্ৰী হৰিদেৱ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল সূত্ৰধৰক উপসভাপতি, তুফান গঞ্জৰ ৰাকেশ বৰ্মনক সহকাৰী সম্পাদক, মাণিক চেতিয়াক ধনভঁৰালী আৰু বিশ্বজিৎ দত্তক সদস্য হিচাপে লৈ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভাখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়।

মধুপুৰ সত্ৰ