বিশ্ব যুৱ দিৱসৰ লগত সংগতি ৰাখি ধুবুৰীত চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

চিত্ৰাংকণ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা সকলক পৰৱৰ্তী সময়ত বঁ‌টা প্ৰদান কৰি সন্মানিত কৰা হ'ব...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰী:   বিশ্ব যুৱ দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ মেৰা যুৱ ভাৰত ধুবুৰীৰ উদ্যোগত আৰু ধুবুৰীৰ অন্যতম সামাজিক সংস্থা দ্য হিউমিনিটী ৰ সহযোগত আজি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

Advertisment

ধুবুৰীৰ আৰ কে বসু বাংলা বিদ্যাপীঠত আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাত ধুবুৰীৰ কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা সকলক পৰৱৰ্তী সময়ত বঁ‌টা প্ৰদান কৰি সন্মানিত কৰা হ'ব বুলি জানিবলৈ দিয়ে দ্য হিউমিনিটীৰ সভাপতি সুদিপ কুণ্ডুয়ে।

ধুবুৰী