মাছৰ পোনা মেলি দি অৰণ্য সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠা দিৱস পালন

মাছৰ পোনা মেলি দি অৰণ্য সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠা দিৱস পালন

author-image
Asomiya Pratidin
New Update
মাছৰ পোনা মেলি দি অৰণ্য সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,ধুবুৰী : ১৯৯৬ চনত ওৰাঙত জন্ম লাভ কৰা প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে, বুধবাৰে সমিতিৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস মুকলি পানীত মাছৰ পোনা মেলি পালন কৰে। " য'তে মুকলি পানী ত'তে মাছৰ পোনা মেলো আহক" আহ্বানেৰে অৰণ্য সুৰক্ষা সমিতি অসমে এই কাৰ্যসূচী আজি ধুবুৰী জিলাৰ হাকামা গাঁৱত পালন কৰে।

Advertisment

হাকামা গাঁৱৰ মুকলি পথাৰত বিয়পি পৰা পানীত মাছৰ পোনা মেলি এই কাৰ্যসূচী উদ্বোধন কৰে অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে। অসমৰ জলাশয়সমূহ মাছেৰে উভৈনদী হোৱাৰ গভীৰ প্ৰত্যাশাৰে আৰু মাছৰ প্ৰজাতি সমূহৰ সংৰক্ষণৰ উদেশ্যে এই কাৰ্যসূচী অৰণ্য সুৰক্ষা সমিতি অসমে লৈ আহিছে বুলি উল্লেখ কৰে।

এই সম্পৰ্কে তেওঁ কয় যে ৰাইজে আৰু মীন বিভাগে যদি পানীৰে উপচি পৰা মুকলি পানীত মাছৰ পোনা এৰি দিয়ে তেনেহ'লে অসম মাছেৰে ভৰি পৰিব। এই কাৰ্যসূচীৰ বাবে মাছৰ পোনা যোগান ধৰা ধুবুৰী জিলা মীন বিভাগীয় কাৰ্যালয়ক তেঁও ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত ধুবুৰী জিলাৰ মীন প্ৰদৰ্শক নয়ন দাস, চম্পক ডেকা, লেখক সাংবাদিক আলতাপ হুছেইন আহমেদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে ধুবুৰী জিলা মীন বিষয়া ইব্রাহীম আলি খানৰ পৰা জানিব পৰা মতে এটি আন্তর্জাতিক প্ৰতিনিধি দলে অচিৰেই হাকামা বিল পৰিদৰ্শন কৰিব আৰু বিল টোৰ উৎপাদন বৃদ্ধি, পৰিৱেশ সংৰক্ষণ আৰু তাৰ জৰিয়তে ৰাইজৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰিব।

উল্লেখ যোগ্য যে অৰণ্য সুৰক্ষা সমিতি অসমে হাকামা বিলৰ সুসংৰখনৰ বাবে দীৰ্ঘ দিন ধৰি জনসচেতনতা মূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

Also Read: গান নহয়, এতিয়া আৰু একোৱেই শুনা নাপায় তেঁও !

fish