/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a0b5682a-757e-4d5f-8206-287d0d1f0b67/dhubri_7.jpg)
মহামায়াত অৰণ্য সুৰক্ষা সমিতিৰ পখী আদৰণি কবিতা আবেলি...
ডিজিটেল সংবাদ ধুবুৰীঃ ''শগুণ নহয় তুমি জামাদাৰ, ওঠত অমৃত লৈ তুমি প্ৰকৃতিৰ চিকিৎসক " আজি মহামায়াত শালনিৰ মাজত পখী আদৰণি কবিতা আবেলিত এনেদৰে স্বৰচিত কবিতা আবৃত্তি কৰে অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান বন বন্ধু ড° হৰিচৰণ দাসে। অৰণ্য সুৰক্ষা সমিতি অসমৰ উদ্যোগত, মহামায়া শাখা অৰণ্য সুৰক্ষা সমিতিৰ তথা শগুণ সংৰক্ষণ সমিতিৰ সহযোগিতাত মহামায়া বনাঞ্চলৰ ৰাজাপাৰা শালনিত অনুষ্ঠিত পখী আদৰণি কবিতা আবেলিৰ এই ব্যতিক্ৰমী অনষ্ঠানত এই প্ৰকৃতিশ সাহাই" নীৰৱ বিভীষিকা" শীৰ্ষক কবিতা, নজৰুল ইছলামে " ধ্বংসৰ গতি ৰোধক' কবিতা আবৃত্তি কৰে।
এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ভাৰত চন্দ্র বমৰ্মনে আলোচনা আগবঢ়াই কয় যে শগুণ মহামায়াৰ অমূল্য সম্পদ।ইয়াৰ সংৰক্ষণৰ বাবে আমি সকলোৱে আগবাঢ়ি আহিব লাগে।
সাংবাদিক আফজাল আলী, বন কৰ্মী অক্ষয় কুমাৰ দাস প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অৰণ্য সুৰক্ষা সমিতি অসমে ২০০২ চনৰে পৰা মহামায়াৰ শগুণ সংৰক্ষণ ৰ বাবে সজাগতা অভিজান চলাই আহিছে আৰু মহামায়াত জটায়ু উদ্যান স্থাপনৰ দাবী কৰি আহিছে।
Also Read: সচেতন কবি,গল্পকাৰ ৰশ্মিৰেখা বৰাৰ নৱতম গ্ৰন্থ "ক্ৰান্তি জাৰি ছ" উন্মোচন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us