/asomiyapratidin/media/media_files/2024/12/14/sHgYLjWv4FnlsErzi56O.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰত ৯ পাষণ্ড যুৱকে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি সেই দৃশ্যৰ ভিডিঅ' প্ৰস্তুত কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। যুৱতীগৰাকীক ৯ যুৱকে কৰা সেই নিৰ্মম ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে আজি পুৱতি নিশা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।
বৰাগাঁৱৰ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত এই যুৱকজনৰ নাম কৃষ্ণ বৰ্মন। আজি পুৱতি নিশা ধুবুৰী আৰক্ষীয়ে তেওঁক গোলকগঞ্জ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে গুৱাহাটীৰ গড়চুক আৰক্ষীৰ এটা দলে ধুবুৰী আৰক্ষীৰ সহযোগত পুৱতি নিশা এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষ্ণ বৰ্মনৰ ঘৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিষখোৱা অঞ্চলত। বৰ্মনক গ্ৰেপ্তাৰৰ পাছতে গড়চুক আৰক্ষীয়ে ধুবুৰীৰ পৰা গুৱাহাটীলৈ লৈ আনিছে।